শৰীৰত কেলচিয়ামৰ অভাৱ ? খাদ্যৰ তালিকাত ৰাখক এই সমূহ খাদ্য

calcium foods ART 1047475712 600x450 1

হাড় আৰু দাঁতৰ স্বাস্থ্য বজাই ৰখাত কেলচিয়াম এক অতি গুৰুত্বপূৰ্ণ উপাদান। আমাৰ শৰীৰৰ ৯৯ শতাংশ কেলচিয়াম এই দুটা ঠাইত সংৰক্ষণ হয়। বাকী এক শতাংশ তেজ, পেশী আৰু কোষীয় তৰলৰ স’তে মিল খায়। পেশীৰ সংকোচন, হৃদযন্ত্ৰৰ সংকোচন, তেজ গোট মৰা, হৰমন নিঃসৰণ আৰু এনজাইম গঠনৰ জৰিয়তে অঙ্গবোৰৰ চলাচলত কেলচিয়ামৰ প্ৰয়োজন। স্নায়ুতন্ত্ৰৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিবলৈও কাম কৰে কেলচিয়ামে আৰু সেয়েহে শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখিবলৈ কেলচিয়ামৰ অতি গুৰুত্বপূৰ্ণ ।

কেলচিয়ামৰ অভাৱ পূৰণ কৰিবলৈ গাখীৰ আমাৰ মাজত আটাইতকৈ জনপ্ৰিয়। গাখীৰ নিয়মীয়াকৈ খোৱাৰ ফলত সাধাৰণতে কেলচিয়ামৰ অভাৱ নহয়। বহুলোকে কেলচিয়াম পৰিপূৰকও গ্ৰহণ কৰে। অৱশ্যে, এই দুটা খাদ্যৰ উপৰিও, নিম্নলিখিত খাদ্যবোৰে আপোনাৰ শৰীৰত কেলচিয়ামৰ চাহিদা পূৰণ কৰিব পাৰে।

তিল

তিলত উচ্চ পৰিমাণৰ কেলচিয়াম ৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ উপাদান যেনে ভিটামিন আৰু খনিজ থাকে। ১০০ গ্ৰাম কেঁচা তিলত এক হেজাৰ মিলি গ্ৰাম কেলচিয়াম থাকে। প্ৰতিদিনে ৰাতিপুৱা খালি পেটত তিয়াই থোৱা তিল খাব পাৰে।

কমলা

ইয়াত ভিটামিন চি থাকে, যি শৰীৰক কেলচিয়াম শোষণ কৰাত সহায় কৰে।

বাদাম

বিভিন্ন প্ৰকাৰৰ বাদামে কেলচিয়ামৰ এক মুখ্য উৎস হিচাপে কাম কৰে। কাঠ বাদামত উচ্চ পৰিমাণৰ কেলচিয়াম থাকে। ১০০ গ্ৰাম কেঁচা বা ভজা কাঠ বাদামত ২৬৬ মিলিগ্ৰাম কেলচিয়াম থাকে।

ভেণ্ডি

সৰু এবাটি ভেন্দিত প্ৰায় ১৭২ মিলিগ্ৰাম কেলচিয়াম থাকে। যি আপোনাৰ শৰীৰত কেলচিয়ামৰ অভাৱ সহজে পূৰণ কৰিব পাৰে।

ব্ৰকলি

ফুলকবিৰ এই প্ৰজাতিটোৱে শৰীৰত কেলচিয়ামৰ অভাৱ পূৰণ কৰাত সহায় কৰে।

Exit mobile version