সদৌ অসম বাঙালি যুৱ ছাত্র ফেডাৰেচনৰ প্রাক্তন সভাপতি বেনীমাধব ৰায়ৰ মৃত্যুত শোক প্ৰকাশ

squareart 2

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি বেনীমাধৱ ৰায়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ বিটিআৰ বাঙালি যুৱ ছাত্র ফেডাৰেচনৰ সভাপতি মন্টু দেই । আজি দেই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে ১৯৯০ৰ পৰা বেনীমাধব ৰায় সদৌ অসম বাঙালি যুৱ ছাত্র ফেডাৰেচনৰ এজন সৎ আৰু নিষ্ঠাবান নেতা আছিল । তেওঁৰ মৃত্যু বাঙালি জাতিটোৰ বাবে অপূৰনীয় ক্ষতি । বেনীমাধব ৰায়ৰ মৃত্যুৰ বাতৰিয়ে আমাক বহু মনোকষ্ট দিছে ।

মণ্টু দেই তেওঁৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি আত্মাৰ সদগতি কামনা কৰে আৰু শোকস্তব্ধ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

Exit mobile version