হিমন্ত বিশ্ব শৰ্মাই কথাৰে দুই-চাৰিটা চমক সৃষ্টিৰ বাদে বিশেষ কোনো কাম কৰা দেখা নাই :বিধায়ক মনোৰঞ্জন তালুকদাৰ

কলগাছিয়াত কে কে পাঠক হাইস্কুলত উপস্থিত হৈ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া। অসমৰ বিজেপি চৰকাৰখন এশ দিনৰ নহয় পাঁচ বছৰ ১০০ দিনৰহে বুলি কয় বিধায়ক মনোৰঞ্জন তালুকদাৰে।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই ১০০ দিনত চৰকাৰৰ উন্নয়নমূলক কামৰ খতিয়ান নিৰ্ণয় কৰিব নোৱাৰি। হিমন্ত বিশ্ব শৰ্মাই কেৱল কথাৰে চমক সৃষ্টি কৰাৰ কোনো উন্নয়নমূলক কাম কৰিবলৈ সক্ষম হোৱা নাই বুলিও কয় তালুকদাৰে।

চৰকাৰ খন ১০০ দিনৰ নহয় হিমন্ত বিশ্ব শৰ্মাহে ১০০ দিনৰ মুখ্যমন্ত্ৰী। এই চৰকাৰ খনে গো সুৰক্ষা আইন আনি দেশৰ অৰ্থনৈতিক ক্ষতি কৰিছে। এই আইন খনে মুছলমানতকৈ হিন্দু গো পালক সকলক বেছি ক্ষতিগ্ৰস্ত কৰিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

হিন্দু-মুছলমানৰ উপৰিও আন আন দুখীয়া শ্ৰেণীৰ মানুহেও গো পালন কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। এই আইন খনে সেয়াও বন্ধ কৰি পেলালে। নামঘৰীয়া, মন্দিৰৰ পূজাৰী, বাছ চালক, চেকাৰ, হেণ্ডিমেন সকলক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ ঘোষণাক আদৰণি জনায় যদিও মছজিদৰ ইমান সকলক বঞ্চিত কৰি চৰকাৰ খনে সাম্প্ৰদায়িকতাৰ পৰিচয় দিয়া বুলি ক্ষুৰধাৰ সমালোচনা কৰে সৰভোগ সমষ্টিৰ বিধায়ক গৰাকীয়ে।

Exit mobile version