অবড়ো সুৰক্ষা সমিতি অসমৰ কাৰ্য নিৰ্বাহক সভা

বিটিচিৰ পৰা অবড়ো গাঁও কৰ্তনৰ দাবীত মুখ‍্যমন্ত্ৰীক সাক্ষাতৰ সিদ্ধান্ত

Screenshot 116

আজি পুৱা ১১ বজাত হাউলী সাহিত্য সভা ভৱনৰ প্ৰাংগণত অবড়ো সুৰক্ষা সমিতি অসমৰ এখন কাৰ্য নিৰ্বাহক সভা অনুষ্ঠিত হয় । সমিতিৰ কেন্দ্ৰীয় সভাপতি ছুৰুত জামাল সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিটিচি এলেকাৰ অবড়ো গাঁওসমূহৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰি কে’বাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহতণ কৰে ।

বিটিচিৰ পৰা অবড়ো গাঁওসমূহ কৰ্তন কৰাৰ দাবীত অহা সপ্তাহৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । গাঁও কৰ্তনৰ বিষয় সম্পৰ্কেও আয়োগে লোৱা স্থিতি অতি লেহেমীয়া হোৱাত সভাই ক্ষোভ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰাৰ লগতে সেই উপলক্ষে সমিতিখনে সাক্ষা‌ৎ বিচাৰিব বুলি উল্লেখ কৰে ।

ইয়াৰ উপৰিও অবড়ো সুৰক্ষা সমিতি অসমৰ পৰা ফালৰি কাটি সমান্তৰালকৈ যি অবড়ো সংগঠন সৃষ্টি কৰিছিল তেওঁলোকক পুনৰ মূল অবড়ো সুৰক্ষা সমিতি অসমলৈ চৰ্তহীনভাৱে একত্ৰিত হ’বলৈ আহ্বান জনাই । তেওঁলোকে কোনো ৰাজনৈতিক দলৰ সমৰ্থক তথা ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতা কৰিব নোৱাৰিব বুলিও আন এক সিদ্ধান্ত গ্ৰহণ কৰে ।

উক্ত সভাত সমিতিখনৰ কেন্দ্ৰীয় সভাপতি ছুৰুত জামাল সৰকাৰ, সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতা আৰু উপ সভাপতি ছাহেদ আলী দেৱানৰ উপৰিও বিটিচিৰ প্ৰতিখন জিলা সমিতিৰ পৰা প্ৰায় দুই শতাধিক অবড়ো সুৰক্ষা সমিতি অসমৰ প্ৰতিনিধিবৰ্গ উপস্থিত থাকে ।

Exit mobile version