ৰেলযাত্ৰীৰ বাবে সুখবৰ!

অসংৰক্ষিত টিকট বুকিঙৰ বাবে ষ্টেছনত উপলব্ধ হ’ব স্বয়ংক্রিয় টিকট ভেণ্ডিং মেচিন

indian railways irctc 1601651073

ৰেলযাত্রীসকলৰ বাবে এতিয়াৰে পৰা অসংৰক্ষিত টিকট বুক কৰাটো আৰু অধিক সহজ হৈ পৰিব। ৰেলযাত্রীৰ দীঘলীয়া শাৰী পাতি টিকট বুক কৰাৰ কষ্ট লাঘৱ হ’ব। এই ধৰণৰ অসংৰক্ষিত টিকটৰ বাবে স্বয়ংক্রিয় টিকট ভেণ্ডিং মেচিন (ATVM) উপলব্ধ হ’ব ষ্টেছনসমূহত। এই মেচিন প্ৰতিটো ৰেল ষ্টেছনত বাধ্যতামূলকভাৱে স্থাপন কৰিবলৈ নির্দেশ দিছে সম্প্রতি কেন্দ্রই। সমান্তৰালভাৱে ভেণ্ডিং মেচিনৰ পৰা টিকট কিনিবলৈ প্ৰয়ােজনীয় স্মার্ট কার্ড বিচার্জো সহজ হৈ পৰিব।

স্মার্ট কার্ড ৰিচার্জ কেনেকৈ কৰিব ?

ভেণ্ডিং মেচিনৰ পৰা ৰেলৰ টিকট কিনিবলৈ প্রয়ােজন হয় স্মার্ট কাৰ্ডৰ। ইয়াৰ পূর্বে স্মার্ট কার্ডখন ৰিচার্জ কৰিবলগীয়া হ’লে যাত্রীসকলে দীঘলীয়া শাৰীত অপেক্ষা কৰিব লগা হৈছিল; কিন্তু এতিয়াৰে পৰা দীঘলীয়া শাৰীৰ কাহিনীৰ অন্ত পৰিব। যাত্রীসকলে ‘UTSonmobile’ ৰ ৱেব এপৰ পৰা সহজে এই স্মার্ট ৰিচার্জ কৰিব পাৰিব।

স্মার্ট কার্ড ৰিচার্জৰ প্রক্রিয়া :

★যাত্রীসকলে প্রথমে www.utsonmobile. indianrail.gov.in লগইন কৰিব লাগিব।

★এইবাৰ চাৰি নম্বৰৰ মেনুত স্মার্ট কার্ড ৰিচাৰ্জ বিকল্পত ক্লিক কৰক। এই ব্যৱস্থাত ক্রেডিট কার্ড, ডেবিট কার্ড, ইউপিআই,ইণ্টাৰনেট বেংকিঙকে ধৰি সকলো ধৰণৰ বিকল্পৰ জৰিয়তে ধন পৰিশােধ কৰিব পাৰি। পৰিশােধ
নিশ্চিত হ’লেহে যাত্রীৰ একাউণ্টৰ পৰা টকা কর্তন কৰা হ’ব।

★যাত্রীসকলে পৰিশােধৰ ১৫ দিনৰ ভিতৰত ATVM জনলৈ যাব লাগিব। ATVM জনৰ ওপৰত নিজৰ স্মার্ট কার্ডখন ৰাখি ৰিচার্জ স্মার্টকার্ড অপছনত ক্লিক কৰিলেই অনলাইন পঞ্জীয়নৰ সমস্ত তথ্য লাভ কৰিব পৰা যাব। টিকটৰ নির্দিষ্ট পৰিমাণটো তেতিয়া স্মাট কার্ডত
ওলাব।

Exit mobile version