ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰিম বুলি গুণা-গঁথা কৰি আছে নেকি আপুনি ? আজিৰ আধুনিক সমাজত ধনৰ লেনদেনৰ প্ৰক্ৰিয়াত ক্ৰেডিট কাৰ্ডখনৰ গুৰুত্ব কিমান বেছি সেয়া আমি সকলোৱে উপলব্ধি কৰিব পাৰো । বৰ্তমান দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে ক্ৰেডিট কাৰ্ড । হাতত এইখন কাৰ্ড থাকিলে বজাৰ-সমাৰ কৰাত সুবিধাই সুবিধা ।
হাতত টকা নাথাকিলেও নানা ধৰণৰ দামী সামগ্ৰী ক্ৰয় কৰিব পাৰে ইয়াৰ ব্যৱহাৰৰ দ্বাৰা । লগতে থাকে নানা ৰিৱাৰ্ড পইণ্ট, কেছবেক অফাৰ আদিও । কিন্তু সুবিধাৰ সমান্তৰালভাৱে ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰত আছে একাধিক অসুবিধা আৰু সমস্যাও । গতিকে এনে ক্ষেত্ৰত যিসকলে প্ৰথমবাৰ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন জনোৱাৰ পৰিকল্পনা কৰি আছে তেওঁলোকে আগতীয়াকৈ ইয়াক ব্যৱহাৰৰ নিয়ম তথা সাৱধানতা সম্বন্ধে জ্ঞাত হ’লে ভাল ।
এই বিষয়ে কিছু কথা জানো আহকচোন
■ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদনৰ সময়ত প্ৰথমেই যিটো কথাত গুৰুত্ব দিব লাগিব সেইটো হৈছে বয়স । ১৮ বছৰৰ তলৰ ব্যক্তিক এই কাৰ্ড ব্যৱহাৰৰ অনুমতি দিয়া নহয় আমাৰ দেশত । আনহাতে, প্ৰাপ্তবয়স্ক উপভোক্তাৰ মাজৰো সেইসকলৰ বাবেহে উপলব্ধ যাৰ ন্যূনতম বেতন একৰ পৰা তিনি লাখ টকা । অৱশ্যে কৰ্মক্ষেত্ৰৰ ভিন্নতা লৈ ন্যূনতম বেতনো ভিন্ন । সেয়েহে জীৱনৰ প্ৰথমখন ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰাৰ বাবে আপোনাৰ প্ৰথম কৰণীয় হ’ব চৰ্তাৱলীসমূহ ভালকৈ জানি বুজি লোৱাটো ।
■ বজাৰত বিভিন্ন ধৰণৰ ক্ৰেডিট কাৰ্ড উপলব্ধ । এনে ক্ষেত্ৰত নিজৰ নিজৰ ক্ষমতা অনুযায়ী সঠিক ক্ৰেডিট কাৰ্ড বাছনি কৰাটো খুব জৰুৰী । ক্ৰেডিট কাৰ্ড বাছনি কৰাৰ সময়ত নিজৰ চাহিদা, প্ৰয়োজন, আয়-ব্যয়, মাহিলি আৰু বাৰ্ষিক আয়ৰ দিশসমূহো সমানেই গুৰুত্বপূৰ্ণ । যিসমূহ ক্ৰেডিট কাৰ্ডৰ বাৰ্ষিক মাচুল কম, নতুন উপভোক্তাসকলে প্ৰথমাৱস্থাত সেই ধৰণৰ কাৰ্ডহে বাছনি কৰা উচিত । পাছত কাৰ্ড ব্যৱহাৰৰ অভিজ্ঞতা আৰু বেতন বঢ়াৰ সমান্তৰালভাৱে আন আন ধৰণৰ ক্ৰেডিট কাৰ্ডৰ বিকল্প বাছনি কৰিব পাৰিব ।
■ বাৰ্ষিক শতকৰা হাৰ (এনুৱেল পাৰ্চেণ্টেজ ৰেট) বা চমুকৈ এপিআৰ সম্বন্ধে জানি লোৱাটোও সমানেই দৰকাৰী । লগতে অন্যান্য বিভিন্ন মাচুল যেনে – যোগদানৰ মাচুল, বাৰ্ষিক মাচুল, ৰিৱাৰ্ড পইণ্ট সম্পৰ্কীয় একাধিক তথ্যৰো জ্ঞান আহৰণ কৰিব পাৰিলে ভাল । এইসমূহ তথ্য সম্পৰ্কে যথাযথ ধাৰণা থাকিলে ক্ৰেডিট কাৰ্ড ব্যৱহাৰত বিশেষ একো সমস্যা নাপায় গ্ৰাহকে ক্ৰেডিট কাৰ্ডখন হাতত পৰাৰ পাছত আটাইতকৈ মন দিব লাগে ক্ৰেডিট স্কোৰৰ ওপৰত । ক্ৰেডিট স্কোৰ কমিলে পাছলৈ যিহেতুকে ঋণ আদি পোৱাত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা থাকে, সেয়েহে সময়মতে ক্ৰেডিট কাৰ্ডৰ বিল আদায় দি নম্বৰ বঢ়োৱাৰ যত্ন কৰা উচিত । কোনো কাৰণত ক্ৰেডিট কাৰ্ডৰ দিবলগীয়া ধন পৰিশোধ কৰাত পলম হ’লে গ্ৰাহকে সাধাৰণতে তাৰ বাবে এক নিৰ্দিষ্ট সময়ৰ বাবে গ্ৰেচ পিৰিয়ড পায় । এই সময়ো যদি পাৰ হৈ যায় তেন্তে অধিক সুতৰ হাৰত মাচুল ভৰিবলগীয়া হয় গ্ৰাহকে । বাৰে বাৰে এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি হৈ থাকিলে প্ৰভাৱিত হয় গ্ৰাহকৰ ক্ৰেডিট ৰেটিং যাৰ ফলত ক্ৰেডিট স্কোৰৰ পইণ্টো হ্ৰাস পায় ।