আফগানিস্তানৰ পৰা ভাৰতলৈ অহা সকলোকে প’লিঅ’ প্ৰতিষেধক প্ৰদান

E9X0Hi2VoAAuFLB

আফগানিস্তানৰ পৰা ভাৰতত প্রৱেশ কৰা সকলক প্রথমে প’লিঅ’ প্রতিষেধক দিছে ভাৰতে । ভাৰতীয় নাগৰিক আৰু শৰণার্থীসকলক ভাৰতে উদ্ধাৰ কৰি আনিছে, বিমাবন্দৰতেই তেওঁলোকক প’লিঅ’ প্রতিষেধক দিয়া হৈছে । দেওবাৰে এই টিকাকৰণ কর্মসূচিৰ কথা টুইট কৰি জনাইছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডব্য‌ই । ভাৰতীয় বায়ুসেনাৰ বিমানত দেওবাৰে গাজিয়াবাদত নামে ১৬৮ জন ভাৰতীয় নাগৰিক আৰু আফগানিস্তানৰ হিন্দু আৰু শিখ শৰণার্থীসকল । ছবি প’ষ্ট কৰি কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে তেওঁলোকৰ প’লিঅ’ টিকাকৰণৰ বিষয়ে জনায় ।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে টুইটত লিখে, ‘ভাৰত চৰকাৰে সকলো আফগানৰ পৰা উভতাসকলক বিনামূলীয়া প’লিঅ’ৰ অ’পিভি আৰু এফআইপিভি প্ৰতিষেধক প্ৰদান কৰিছে । প’লিঅ’ৰ বিৰুদ্ধে বিশ্বৰ যুঁজত যোগ দিছে ভাৰতেও । জনস্বাস্থ্য ৰক্ষাৰ কামত জড়িত থাকিবৰ বাবে স্বাস্থ্যকর্মীসকলক ধন্যবাদ জনাওঁ ।’

কিন্তু এতিয়া কিয় প’লিঅ’ প্ৰতিষেধক দিয়া হৈছে ? এজন ভাইৰ’লজিষ্টে জনায় বিশ্ব স্বাস্থ্য সংস্থা অনুসৰি ভাৰত এখন প’লিঅ’মুক্ত দেশ । সেয়ে আফগানিস্তানৰ পৰা কোনো প’লিঅ’ বাহক হৈ আহিলে ভাৰতৰ শিশুসকলৰ সমস্যা হ’ব পাৰে । সেই যাত্রী প’লিঅ’ বাহক হোৱাত তেওঁৰ হয়তো একো নহয়, কিন্তু যিয়ে প’লিঅ’ প্রতিষেধক গ্ৰহণ কৰা নাই তেওঁলোক সংক্ৰমিত হ’ব পাৰে । সেয়ে উভতি অহা সকলক, প্ৰতিষেধক দিয়া হৈছে ।

ইপিনে, আফগানিস্তানৰ পৰিস্থিতিক লৈ বিশ্ব স্বাস্থ্য সংস্থাই উদ্বেগ প্রকাশ কৰিছে । সংস্থাৰ তৰফৰ পৰা কোৱা হৈছে, তালিবানে ক্ষমতা দখলৰ পাছৰ পৰা সেই দেশৰ চৰকাৰী স্বাস্থ্য ব্যৱস্থা ভাঙি পৰা স্বাভাৱিক । তদুপৰি একাধিক প্রদেশত তালিবানী শাসনত দেখা দিব পাৰে অত্যাধিক দাৰিদ্র আৰু খাদ্যাভাৱ । এক পৰিসংখ্যাত পোৱা গৈছে, আফগানিস্তানত প্রায় ৪০ লাখ মহিলা আৰু এক কোটি শিশুৰ অপুষ্টিজনিত সমস্যা আছে। তেওঁলোকক বিশেষ সাহায্যৰ প্ৰয়োজন ।

Exit mobile version