দুদিনত ৫.৫০ কোটি টকা সংগ্রহ অক্ষয়ৰ ‘বেল বটম’

jpg 3

কৰ’না কালত পুনৰ দেশৰ চলচ্চিত্র উদ্যোগলৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিলে সদ্যমুক্তিপ্রাপ্ত ‘বেল বটম’ ছবিখনে।

অক্ষয় কুমাৰ আৰু বাণী কপুৰ অভিনীত এইখন ছবিয়ে বক্স অফিচত তুলনামূলকভাৱে ক’ভিড কালত ভাল ব্যৱসায় কৰিছে। শনিবাৰে ছবিখনে বক্স অফিচত ২.৭৫ কোটি টকা উপার্জন কৰে।

দুদিনত অক্ষয় অভিনীত ‘বেল বটম’-এ সংগ্রহ কৰিলে মুঠ ৫.৫০ কোটি টকা। চলচ্চিত্র বাণিজ্যিক বিশ্লেষকৰ মতে, কৰ’না কালত ‘বেল বটম’ৰ উপার্জন আশাপ্রদ হৈছে।

Exit mobile version