দেশৰ বহু চহৰত নকল ক’ভিশ্বিল্ডৰ পায়োভৰ: জনালে বিশ্ব স্বাস্থ্য সংস্থাই

115324754 gettyimages 1283824133

ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই তৈয়াৰ কৰা ক’ভিশ্বিল্ড প্রতিষেধকৰ নকল দেশৰ একাধিক চহৰত বিক্ৰী হৈছে বুলি কেন্দ্রীয় চৰকাৰক অৱগত কৰিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই।

এক বিবৃতিত হুই প্রকাশ কৰা অনুসৰি, জুলাই-আগষ্ট এই দুমাহত ভাৰত আৰু আফ্রিকাত ভুৱা ক’ভিশ্বিল্ডৰ প্রতিষেধক বাজেয়াপ্ত কৰা হৈছিল। ছিৰামে নিজেও উক্ত প্রতিষেধক পৰীক্ষা কৰি ইয়াক নকল বুলি নিশ্চিত কৰিছিল।

এইদৰে ক’ভিড প্রতিষেধকৰ নকল টিকাৰ পয়ােভৰ হােৱাৰ ফলত জনস্বাস্থ্যৰ ভয়াৱহ ক্ষতি হ’ব পাৰে বুলি শংকা প্রকাশ কৰিলে আন্তর্জাতিক স্বাস্থ্য সংস্থাটোৱে।

ভাৰতসহ সমগ্র বিশ্বত ক’ৰনাৰ প্রতিষেধক চাহিদাৰ প্রতি লক্ষ্য ৰাখি দুষ্ট চক্রই ক’ভিশ্বিল্ডৰ নামত ভুৱা প্রতিষেধক বজাৰত মুকলি কৰা বুলি হুৱে সন্দেহ কৰিছে।

ভুৱা আৰু নিম্নমানৰ দৰৱ চিহ্নিত কৰিবলৈ বিশ্বজুৰি হুৱে যি নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে, এই ব্যৱস্থাই প্রথমবাৰৰ বাবে নকল ক’ভিশ্বিল্ডৰ উপস্থিতি চিহ্নিত কৰিলে।

কলকাতাসহ দেশৰ কেবাখনাে চহৰত এনে ভুৱা প্রতিষেধক বিক্ৰী হােৱা বুলিও হুৱে দাবী কৰিছে।উল্লেখ্য যে ভুৱা টিকাকাণ্ডত পূর্বে মুম্বাই, দিল্লী আৰু কলকাতাত কে’বাজনাে লােকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী মনসুখ মাণ্ডবিয়া হুৰ দাবীৰ সন্দৰ্ভত এইদৰে কয়, ‘ভাৰতৰ বজাৰত ভুৱা ক’ভিশ্বিল্ডৰ পয়ােভৰ ঘটা বুলি হুৱে অভিযােগ কৰিছে। ভাৰত চৰকাৰে এই অভিযােগৰ সত্যতা প্রমাণৰ প্রক্রিয়া আৰম্ভ কৰিছে। অভিযােগ সত্য প্রমাণিত হলে দোষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লােৱা হ’ব।’

Exit mobile version