বান গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী

বানাক্ৰান্ত ৰাইজ আৰু ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ তালাপ-কৰদৈগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত সাব্যস্ত কৰে এই প্ৰতিবাদ।

১৯৯২ৰ পৰা তিনিচুকীয়া জিলাৰ কৰদৈগুৰি অঞ্চলটো বান আৰু গৰাখহনীয়াৰ কবলত পৰি আহিছে ।

ডাঙৰী নদীৰ গৰাখহনীয়াৰ ফলত ইতিমধ্যে নদীৰ বুকুত বিলিন হৈছে অঞ্চলটোৰ প্ৰায় ২২ খনকৈ গাঁ‌ও।

বিগত বহু বছৰ ধৰি অঞ্চলটোৰ কে’বাখনো গাঁ‌ৱৰ ৰাইজে নিজৰ ঘৰ-বাৰী হেৰুৱাই অস্থায়ী শিবিৰত বাস কৰি আছে ।

অঞ্চলটোৰ এই সমস্যাটো সমাধানৰ কাৰণে কোনো এখন চৰকাৰেই কোনো ধৰণৰ ইতিবাচক ব্যৱস্থা গ্ৰহণ নকৰিলে।

এইসকল ভুক্তভোগী ৰাইজক সংস্থাপন, বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আজি তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তিৰ লগতে কৰদৈগুৰিৰ স্থানীয় ৰাইজে ।

Exit mobile version