বিটিচি পৰিষদত আমাৰ মিত্ৰতা আছে  অসম বিধানসভাত নাইঃ নৱ কুমাৰ শৰনীয়া

WhatsApp Image 2021 08 23 at 6.05.03 PM

অসম বিধানসভাৰ  উপ নিৰ্বাচনৰ বাবে ব্যপক প্ৰস্তুতি আৰম্ভ কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ  সাংসদ নৱ কুমাৰ শৰনীয়াই । সাংসদ নৱ কুমাৰ শৰনীয়াই ইতিমধ্যে গোসাইগাও সমষ্টিটো নিজৰ দখলত আনিবলৈ সঘনাই পৰিভ্ৰমণ কৰি আছে ।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনস্থ তামোলপুৰ, ভবানীপুৰ আৰু গোসাইগাঁও সমষ্টিতো এইবেলি উপ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব জিএছপি দলে । জিএছপি দলৰ লগত বিটিচি পৰিষদৰ মিত্ৰতা আছে, অসম বিধানসভাত আমাৰ কোনো মিত্ৰতা নাই বুলিও প্ৰকাশ কৰে নৱ কুমাৰ শৰনীয়াই  । সেইবাবে সমাগত অসম বিধানসভাৰ উপ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও কয় সাংসদজনে ।

এক সাক্ষাৎকাৰত সাংসদ নৱ কুমাৰ শৰনীয়াই কয় যে অসম বিধানসভাত প্ৰতিনিধিত্ব কৰিবৰ বাবে আমাক বিধায়কৰ প্ৰয়োজন আছে সেয়ে আমি জিএছপি দলে উপ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আৰু জয়ী কৰাটো ৰাইজৰ দায়িত্ব । আমাক ৰাইজে বিপুল সমৰ্থন জনাইছে বুলিও উল্লেখ কৰে । লগতে সাংসদজনে অভিযোগ কৰে যে বিগত বিধানসভা নিৰ্বাচনত ৰাজনৈতিকভাবে ব্লেকমেইলিং কৰা হৈছে সেয়ে জয়ী হ’ব পৰা নাই ।

Exit mobile version