শিৱসাগৰ জিলাৰ গেলেকীৰ এখন গাঁৱত সৃষ্টি হৈছে আতংকৰ

শিৱসাগৰ জিলাৰ গেলেকীৰ এখন গাঁৱত বৰ্তমান সৃষ্টি হৈছে আতংকৰ। দেওবাৰে নিশা জিলাখনৰ গেলেকী লাহন গাৱঁৰ বীনা গগৈৰ ঘৰত নাম কীৰ্তনৰ আয়োজন কৰা হৈছিল।

ADVERTISEMENT

উক্ত অনুষ্ঠানৰ প্ৰসাদৰ বুটমাহ গ্ৰহণ কৰাৰ পাছতেই নিশাৰপৰাই গাওঁখনৰ ইজনৰ পাছত সিজন লোক জ্বৰ ডায়েৰীয়াত আক্ৰান্ত হবলৈ ধৰে।

সম্প্ৰতি গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চিকিৎসালয়খনলৈ সোঁত বৈছে ইজনৰ পাছত সিজন আক্ৰান্তৰ। বৰ্তমান ৫০ৰ সংখ্যাই অতিক্ৰম কৰিছে আক্ৰান্তৰ সংখ্যা।

শিশুৰপৰা বৃদ্ধলৈকে চিকিৎসালয়ত একেখন বিচনাতে পৰি থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

Exit mobile version