আফগানিস্তান সংকটৰ পৰিণতিত ৰপ্তানি বাণিজ্যত বিৰূপ প্ৰভাৱ

ভাৰতৰ শুকান ফলৰ বজাৰত জ্বলিছে জুই : এসপ্তাহত মূল্যবৃদ্ধিৰ অভিলেখ

2021 06 11T125914Z 1282574616 RC2CYN9OCRQX RTRMADP 3 PAKISTAN ECONOMY BUDGET 1629307492936 1629307649344

তালিবানৰ কাবুল দখলৰ পাছতে দিল্লীসহ ভাৰতৰ প্রায় সর্বত্র। শুকান ফলৰ বজাৰত মূল্যবৃদ্ধিয়ে নতুন অভিলেখ ৰচনা কৰিছে। একে সময়তে দেশৰ সতেজ ফলমূলৰ বজাৰতাে মাত্রাধিক হাৰত মূল্যবৃদ্ধি হৈছে। হিং, ইলাচি, গৰম মচলাৰ বজাৰতাে ব্যাপক মূল্যবৃদ্ধি প্রত্যক্ষ হৈছে। আখৰােট, কাজু বাদাম, কিচমিচৰ দৰে বহুল ব্যৱহৃত শুকান ফলৰ মূল্য বিগত এসপ্তাহত সর্বোচ্চ শিখৰত আৰােহণ কৰিছে।

একে সময়তে ভাৰতৰ সাজ-পােছাক, দৰৱ, চিকিৎসা সৰঞ্জাম, চিমেন্ট, চেনি, কম্পিউটাৰৰ যি বিশাল বজাৰ কাবুলসহ সমগ্র আফগানিস্তানত গঢ় লৈ উঠিছিল, সেই বজাৰখনাে এতিয়া বাধাগ্রস্ত হ’ল। সকলােবােৰ পণ্যবাহী ট্রাক সম্প্রতি আবদ্ধ হৈ আছে ৱাঘা সীমান্তৰ ইপাৰে। ভাৰতীয় পণ্য এক বিশাল অংশ ইমানদিনে ব্রাঘা সীমান্ত অতিক্রম কৰি আফগানিস্তানত প্ৰৱেশ কৰিছিল।

তালিবানৰ কাবুল দখলৰ পাছত ব্যাপক অনিশ্চয়তাৰ মাজত আছে ভাৰত- আফগানিস্তানৰ ৰপ্তানি- আমদানি বাণিজ্য। উভয় দেশৰ মাজত ডেৰশ কোটি ডলাৰাে অধিক মূল্যৰ বাণিজ্যৰ ভৱিষ্যৎ সম্প্রতি একেদৰে অন্ধকাৰাচ্ছন্ন। আফগানিস্তান । পুনৰ তালিবানে দখল কৰাৰ পাছতে সমগ্র উপ-মহাদেশত আতংকৰ সৃষ্টি হৈছিল আৰু একে সময়তে ভাৰতে আফগান মূলুকৰ লগত ৰপ্তানি-আমদানি বাণিজ্যৰ ভৱিষ্যতক লৈও চিন্তিত হৈছিল।

ভাৰতৰ ৰপ্তানি বাণিজ্যৰ এক বৃহৎ অংশ নিৰ্ভৰ কৰি আহিছে আফগানিস্তানত। সেয়েহে কাবুল পুনৰ তালিবানে দখল কৰাত স্বাভাৱিকতে উদ্বিগ্ন হৈছে। ভাৰত চৰকাৰ। ২০০১ত আমেৰিকাৰ সেনা বাহিনী আফগানিস্তানত নিয়ােজিত হােৱাৰ পাছৰে পৰা আফগানিস্তানৰ স’তে ভাৰতৰ ৰপ্তানি-আমদানি বাণিজ্য ক্রমে বৃদ্ধি পাবলৈ ধৰিছিল। ২০১৯-২০ বিত্তীয় বৰ্ষত আফগানিস্তানৰ স’তে ভাৰতৰ বাণিজ্যৰ পৰিমাণ ডেৰশ কোটি ডলাৰলৈ বৃদ্ধি পাইছিল।

বিগত বিত্তীয় বৰ্ষত এই পৰিমাণ অধিক বৃদ্ধি হৈছিল। উল্লেখ্য যে ভাৰতৰ বজাৰত শুকান ফল আৰু গৰম মচলাৰ যি চাহিদা আছে, ইয়াৰ ৮৫ শতাংশই আফগানিস্তানৰ পৰা ইমান দিনে ভাৰতে আমদানি কৰিছিল। সতেজ ফলমূলৰ লগতে আফগানিস্তানৰ পৰা ভাৰতলৈ অনা হৈছিল আখৰুট, কাজু বাদাম আনজিৰ, এপ্রিকট, কিচমিচ, সুগন্ধি হিং, ডুমুৰ, পেষ্টাৰ দৰে শুকান ফল।

আনহাতে, ভাৰতে আফগানিস্তানলৈ মূলত ৰপ্তানি কৰিছিল নানা ধৰণৰ সাজ-পােছাক, জীৱনদায়ী আৰু অন্যান্য দৰৱ, চিকিৎসাৰ সৰঞ্জাম, কম্পিউটাৰ, হার্ডৱেৰ সামগ্রী,চিমেণ্ট, চেনি আৰু কৃত্রিম ফাইবাৰ। উভয় দেশৰ আমদানি-ৰপ্তানি বাণিজ্যৰ ক্ষেত্ৰত ভাৰত যথেষ্ট আর্থিক দিশত লাভৱান হৈছিল। কিয়নাে আফগানিস্তানৰ পৰা ভাৰতে শুকান ফলমূল আৰু মচলা সর্বাধিক আমদানি কৰিলেও সেইখন দেশলৈ ভাৰতে ৰপ্তানি কৰা সামগ্ৰীৰ পৰিমাণ অধিক আছিল।

কেন্দ্রীয় চৰকাৰৰ পৰিসংখ্যাত প্রকাশ পােৱা অনুসৰি, বিগত পাঁচ বছৰত আফগান মূলুকত ভাৰতৰ ৰপ্তানিৰ পৰিমাণ ৬৩ শতাংশ বৃদ্ধি পাইছিল। ২০২০-২১ বিত্তীয় বৰ্ষত ভাৰতে আফগানিস্তানলৈ ৮২ কোটি ৫০ লাখ ডলাৰ মূল্যৰ পণ্য সামগ্ৰী ৰপ্তানি কৰিছিল। আনহাতে, একেটা বিত্তীয় বৰ্ষতে ভাৰতে আফগানিস্তানৰ পৰা ৫০ কোটি ৯০ লাখ ডলাৰ মূল্যৰ সা-সামগ্রী আমদানি কৰিছিল।

এই পৰিসংখ্যাৰ পৰাই বুজিব পাৰি ভাৰতীয় অর্থনীতিৰ বাবে আফগানিস্তানৰ গুৰুত্ব কিমান। কেৱল ভাৰতৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি পােৱাই নহয়, বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ নিৰিখত আফগানিস্তানৰ পৰা ভাৰতৰ আমদানিৰ পৰিমাণে ৭৪ শতাংশ বৃদ্ধি পাইছিল। তালিবানৰ স’তে এই মুহূৰ্তলৈকে ভাৰতৰ কোনাে বাণিজ্য চুক্তি স্বাক্ষৰিত হােৱা নাই। সেয়েহে উভয় দেশৰ আমদানি-ৰপ্তানি বাণিজ্যৰ ভৱিষ্যতক লৈ তালিবানৰ কাবিল দখলৰ পাছত সংশয় আৰু উৎকণ্ঠা বৃদ্ধি পাইছে।

স্মর্তব্য যে আফগানিস্তানৰ পুনৰ গঠন আৰু উন্নয়নৰ বাবে ২০০১ বৰ্ষৰ পৰা ভাৰতে উক্ত দেশখনত বিগত দুই দশকত ৩০০ কোটি ডলাৰ বিনিয়ােগ কৰিছিল। এই বিনিয়ােগৰ ভিতৰত আছিল আফগানিস্তানৰ স’তে যৌথভাৱে ইৰানৰ ছাবাহাৰ সমুদ্র বন্দৰ নিৰ্মাণৰ অভিলাষী প্রকল্পও। একেদৰে আফগানিস্তানত বাটপথ নির্মাণ, বান্ধ নির্মাণ, বিদ্যুতৰ পৰিবহণ, বিদ্যালয়-চিকিৎসালয় নির্মাণ আৰু উন্নয়নসহ ৪০০ ৰাে অধিক আঁচনি ৰূপায়ণত ভাৰতে ধন বিনিয়ােগ কৰিছিল। এনে বিনিয়ােগক লৈও তালিবানৰ কাবুল দখলৰ পাছত স্বাভাৱিকতে উদ্বিগ্ন হৈছে দিল্লী।

Exit mobile version