আফগান নাগৰিকসকলৰ বাবে ই-ভিছা বাধ্যতামূলক কৰিলে ভাৰতে, বাতিল পূৰ্বৰ সকলো ভিছা

163216 ntpvxgrzyd 1629880456

ই-ভিছাৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব আফগান নাগৰিকসকলে । এই কথা বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হয় । চৰকাৰী বিবৃতিত কোৱা হৈছে, আফগানিস্তানত নিৰাপত্তা পৰিস্থিতি বিবেচনা কৰিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

ই-ভিছা বাধ্যতামূলক কৰাৰ লগতে আফগান নাগৰিকসকলক দিয়া আগৰ সকলো ভিছা বাতিল কৰাৰ কথাও টুইট কৰি জনাইছে গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা । আফগান নাগৰিকসকলে যাতে জৰুৰী ভিত্তিত ই-ভিছাৰ আবেদন জনাব পাৰে সেই উদ্দেশ্যে ‘ই-ইমাৰ্জেন্সি এক্স-মিছ (মিছলেনিয়াছ) ভিছা’ ব্যৱস্থা আৰম্ভ হৈছে বিগত সপ্তাহত । আপাতকালিন ই-ভিছা আৰম্ভ কৰিবৰ বাবে বিশেষ আফগানিস্তান চেলো তৈয়াৰ কৰা হৈছে ।

বৰ্তমান পৰিস্থিতিত আফগানিস্তানৰ বহু অঞ্চলত ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন হৈ পৰিছে । এনে সময়তে আফগান নাগৰিকসকলৰ একাংশই কেনেদৰে ই-ভিছা আবেদন জনাব তাক লৈ সংশয় সৃষ্টি হৈছে ।

কেন্দ্ৰৰ এক সূত্ৰ‌ই জনাইছে, আফগানিস্তানত তালিবান শাসন বলৱৎ হোৱাৰ পাছত সেই দেশৰ বহু নাগৰিকে আতংকত ভাৰতত শৰণাৰ্থী হ’ব বিচাৰিছে । ইপিনে, আফগান নাগৰিকসকলৰ দেশ ত্যাগ কৰাৰ বিষয়ত ইতিমধ্যে নানা বিধিনিষেধ জাৰি কৰিছে তালিবানে । এনে পৰিস্থিতিত তালিবানৰ স’তে সংঘাতৰ সম্ভাৱনা সৃষ্টি নহ’বৰ বাবেই এই পদক্ষেপ ।

Exit mobile version