ইমৰানৰ দলৰ নেতাই ক’লে : কাশ্মীৰ জয় কৰি পাকিস্তানক দিব তালিবানে

1600x960 250410 800

আফগানিস্তানক তালিবানে নিজৰ চৰকাৰ গঠন কৰিবলৈ তৎপৰতা অব্যাহত ৰখাৰ সময়তে চীন আৰু পাকিস্তানে নিজকে তালিবানৰ সবাতােকৈ নিৰ্ভৰযােগ্য বন্ধু হিচাপে প্রমাণ কৰিবলৈ উঠি পৰি লাগিছে।

পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খান আৰু দেশখনৰ বৈদেশিক মন্ত্রী শ্বাহ মাহমুদ কুৰেশ্বীয়ে তালিবানৰ মুক্ত প্রশংসা কৰাৰ পাছত এইবাৰ ইমৰানৰ দল তেহৰিক এ ইনচাফৰ নেতা নীলম ইৰ্ছাদ শ্বেখে কয় যে তালিবানে অচিৰে কাশ্মীৰ জয় কৰিব আৰু পাকিস্তানক উপহাৰ দিব।

পাকিস্তানৰ এটা ব্যক্তিগত টিভি চেনেলৰ বিতর্ক অনুষ্ঠানত অংশ লােৱাৰ সময়ত তেহৰিক এ ইনছাফৰ নেতা শ্বাহে দাবী কৰি কয় যে তালিবান পাকিস্তানৰ বন্ধু আৰু তালিবান ক্ষমতাধিষ্ঠিত হােৱাৰ পাছত তেওঁলােকে কাশ্মীৰ দখল কৰিব আৰু এই কাশ্মীৰ পাকিস্তানক উপহাৰ দিব।

Exit mobile version