এইবাৰ প্রতিৰোধৰ অন্ত পেলাব পানশ্বিৰে ? মাছুদৰ আত্মসমর্পণৰ সম্ভাৱনা

972612 3041156 sod updates

আফগানিস্তানৰ একমাত্র বিৰোধী ঘাটি পানশ্বিৰ দখল কৰিব পাৰে তালিবানে । মঙলবাৰে ব্রিটেনৰ এক সংবাদপত্র‌ই জনাইছে, আন্তর্জাতিক সহায়তা আৰু সম্পদৰ অভাৱত আন্তসমর্পণ কৰিব পাৰে নৰ্ডার্ন এলায়েন্সৰ নেতা আহমেদ মাছুদে । পানশ্বিৰৰ তাজিক নেতাৰ এক ঘনিষ্ঠ সূত্র‌ই প্রকাশ কৰে যে, শান্তি প্রতিষ্ঠাৰ বাবে ইতিমধ্যেই তালিবান নেতৃত্বৰ স’তে আলোচনা আৰম্ভ হৈছে মাছুদৰ । অৱশ্যে মাছুদৰ শিবিৰৰ তৰফৰ এতিয়াও এই দাবীৰ সত্যতা স্বীকাৰ কৰা নাই ।

মাছুদৰ লগতে পানশ্বিৰ আৰু ওচৰ-পাজৰৰ অঞ্চলবোৰত তালিবান বিৰোধী প্রতিৰোধৰ নেতৃত্বত আছে আফগানিস্তানৰ প্রাক্তন ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ চৰকাৰৰ উপ ৰাষ্ট্ৰপতি আমৰুল্লা ছালেহ্‌ । নিজকে আফগানিস্তানৰ ‘ভাৰপ্রাপ্ত ৰাষ্ট্ৰপতি’ হিচাপে দাবী কৰা ছালেহ্‌ৰ ‘গতিবিধি’ক লৈ কোনো খবৰ প্ৰকাশ পোৱা নাই ।

সোমবাৰে তালিবানৰ মুখপাত্র জবিউল্লা মুজাহিদে দাবী কৰিছিল, তালিব যোদ্ধাসকলে পানশ্বিৰ আগুৰি লৈছে । শীঘ্রই এই অঞ্চল তেওঁলোকৰ অধীনস্থ হ’ব । ইয়াৰ আগতে কাবুলৰ সুৰক্ষাৰ দায়িত্বপ্রাপ্ত তালিবান নেতা তথা হক্কানি নেটৱর্কৰ নেতা খলিল হক্কানিয়ে কয়, ‘‘আহমেদ মাছুদৰ স’তে ম‌ই কথা পাতিছো । তেওঁ আফগানিস্তানৰ শান্তি প্রতিষ্ঠাৰ বাবে অস্ত্র সম্বৰণৰ ইচ্ছা প্ৰকাশ কৰিছে ।’’ ৩২ বছৰীয়া মাছুদেও কিছুসংখ্যক সংবাদমাধ্যমক জনাইছে, ৰক্তপাত নহ’বৰ বাবে তেওঁ তালিবানৰ স’তে আলোচনত মিলিত হ’বলৈ প্ৰস্তুত । যদিও ইয়াৰ ভিতৰতে পানশ্বিৰ, বাঘলান, পাৰোৱানসহ কিছুসংখ্যক প্রদেশত তালিবান আৰু নৰ্ডার্ন এলায়েন্সেৰ তীব্র যুদ্ধৰ খবৰ পোহৰলৈ আহিছে ।

মাছুদৰ পিতৃ আহমেদ শাহ মাছুদ প্রায় আঢ়ৈ দশক আগতে তালিবান বিৰোধী নৰ্ডার্ন এলায়েন্সৰ প্রতিষ্ঠা কৰিছিল । সেই সময়তো পানশ্বিৰ দখল কৰিব নোৱাৰিলে তালিবানে । ২০০১-ত টুইট টাৱাৰৰ আক্ৰমণৰ দুদিন পূৰ্বে সাংবাদিকৰ ছদ্মবেশত আল কায়দাৰ মানৱবোমা আক্ৰমণত তেওঁ নিহত হয় । আহমেদৰ বাহিনীয়ে এইবাৰ উত্তৰ-মধ্য আফগানিস্তানত তালিবানক তীব্ৰ প্রতিৰোধ পাৰিব পাৰে বুলি ধাৰণা কৰা হৈছিল ।

পানশ্বিৰ উপত্যকাত এতিয়াও মাছুদ অনুগত ৬,০০০ তাজিক যোদ্ধা আছে বুলি স্থানীয় সংবাদমাধ্যমৰ খবৰ । তদুপৰি হেজাৰ আফগান সেনা আৰু উজবেক ‘যুদ্ধা’ (ৱাৰ লর্ড) ৰশিদ দোস্তমৰ অনুগত মিলিশিয়া যোদ্ধাসকলেও আছে তালিবান প্রতিৰোধৰ যুদ্ধত । কিন্তু শেষ পর্যন্ত মাছুদ অস্ত্র সমর্পণ কৰিলে সমগ্ৰ আফগানিস্তানেই তালিবান ৰাজ নিৰংকুশ হ’ব ।

Exit mobile version