এন আৰ এলৰ ধৰ্ষণ কাণ্ডক লৈ শোধনাগাৰ কৰ্তৃপক্ষৰ মৌনতাত ৰহস্যৰ সৃষ্টি

অভিযুক্ত বিষয়াক নিলম্বন কৰা পত্ৰ ৰাজহুৱা কৰাৰ দাবী

946497 rape bihar news

অসম চুক্তিৰ ফচল নুমলীগড় শোধনাগাৰত কৰ্মৰত উচ্চপদস্থ বিষয়াই নিম্নবৰ্গৰ মহিলা কৰ্মীক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগৰ পাছতে গোলাঘাট আৰক্ষীয়ে অভিযুক্ত বিষয়া নীহাৰ প্ৰসাদ শৰ্মাক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতে ৮৫৫ জন ছহিদৰ আত্ম বলিদানৰ পাছত গঢ় লৈ উঠা ৰাজহুৱা খণ্ডৰ উদ্যোগটোৰ গৰিমাত এই ঘটনাই কালিমা সানিলে বুলি চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

তদুপৰি, শোধনাগাৰৰ বিষয়া সন্থা, মৰঙি প্ৰেছ ক্লাবকে আদি কৰি দল-সংগঠনে মহিলা গৰাকীক উচিত ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰি ‘চেক্সুৱেল হাৰেচমেণ্ট অন উইমেন এট ৱৰ্ক প্লেচ (প্ৰিভেনচন, প্রটেকচন, ৰিড্ৰেচেল) এক্ট-২০১৩’ৰ অধীনত তদন্তৰ দাবী জনায়। কিন্তু, ইয়াৰ পাছতো শোধনাগাৰ কৰ্তৃপক্ষই এই ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও লৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কিয়নো, ঘটনাক কেন্দ্ৰ কৰি এই পৰ্যন্ত শোধনাগাৰৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক প্ৰেছ বিবৃত্তি অথবা সংবাদ মেল দিয়া হোৱা নাই।

তিনি নিযুত মেট্ৰিক টন শোধন ক্ষমতাৰ পৰা ন নিযুত মেট্ৰিক টনলৈ সম্প্ৰসাৰণৰ কাম আৰম্ভ হোৱাৰ প্ৰকক্ষণত উদ্ভৱ হোৱা এনে অবাঞ্চিত ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে। শোধনাগাৰটোত ইয়াৰ পূৰ্বেও এনে বহু ঘটনা সংঘটিত হৈ আহিছে আৰু বিষয়বোৰ গাপ দি থকা হৈছে বুলিও গুৰুতৰ অভিযোগ উঠিছে।

এনে পৰিপ্ৰেক্ষিতত শোধনাগাৰৰ বিষয়া নীহাৰ প্ৰসাদ শৰ্মাই সংঘটিত কৰা এই আমানৱীয় ঘটনাকো গাপ দিবলৈ নানান কৌশল অৱলম্বন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এই ঘটনাৰ পাছতে ভুক্তভোগী মহিলা গৰাকীয়ে এন আৰ এলৰ আভ্যন্তৰীণ অভিযোগ কমিটী আৰু উইমেন ইন পেট্ৰলিয়াম চেক্টৰৰ নুমলীগড় শোধনাগাৰ শাখাত বিতং তথ্যৰে অভিযোগ দাখিল কৰিছিল। ইয়াৰ পাছতে বন্ধৰ দিনাকে ধৰি এন আৰ এলৰ ভিতৰ চ’ৰাত মুঠ চাৰিখনকৈ সভাও অনুষ্ঠিত হয়। প্ৰতি মুহূৰ্ততে নিজৰ ওপৰত চলা অমানুষিক অত্যাচাৰৰ বিৰুদ্ধে অবিচলভাৱে থিয় দি অহা ভুক্তভোগী মহিলাগৰাকীক বিভিন্ন ধৰণৰ ভয় আৰু ভাবুকিৰে বিষয়টোৰ পৰা আঁতৰি থাকিবলৈকো আওপকীয়া সৱধানবাণী শুনোৱা হয় বুলিও প্ৰকাশ পাইছে। কিন্তু, মহিলাগৰাকীয়ে ন্যায়ৰ আশাত বিভিন্ন মহলৰ কাষ চাপে আৰু অৱশেষত অভিযুক্ত বিষয়া গৰাকী গ্ৰেপ্তাৰ হয়।

ঘটনাৰ এমাহ আৰু অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ আজি পাঁচ দিন অতিক্ৰম কৰিলে যদিও শোধনাগাৰ কৰ্তৃপক্ষই বিষয়টো সম্পৰ্কে কোনো স্থিতিয়ে ৰাজহুৱা কৰা নাই। ইয়াকে লৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে।

উল্লেখ্য যে অভিযুক্ত বিষয়া গৰাকী গ্ৰেপ্তাৰ হোৱাৰ তিনিদিনৰ পাছত শোধনাগাৰৰ তৰফৰ পৰা বিষয়া গৰাকীক নিলম্বন কৰা হৈছে বুলি ওলাইছে যদিও আনুষ্ঠানিকভাৱে ইয়াৰো ঘোষণা হোৱা নাই। এনে ক্ষেত্ৰত এইটোও এন আৰ এলৰ দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ এটা কৌশল বুলি গুৰুতৰ অভিযোগ কৰিছে একাংশ দল-সংগঠনে।

আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰেছ বিবৃতিযোগে নিলম্বন প্ৰক্ৰিয়া সন্দেহৰ অৱৰ্তত থকাৰ গুৰুতৰ অভিযোগ কৰে। লগতে নিলম্বন পত্ৰ ৰাজহুৱা কৰাৰো দাবী জনায়। শোধনাগাৰটোৰ সমীপৱৰ্তী বাসিন্দা তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অন্যতম ছাত্ৰ নেতা পিন্টু গগৈয়ে আজি সংবাদ মাধ্যমৰ জৰিয়তে সদৰি কৰে যে ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত অসমীয়াই লাভ কৰা শোধনাগাৰটোৰ যন্ত্ৰীকৰণ বিভাগৰ উপ-মহাপ্ৰৱন্ধক নীহাৰ প্ৰসাদ শৰ্মাই কালিমা সানিছে। যাৰ বাবে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু তেনে এগৰাকী বিষয়াক একাংশ দালাল চক্ৰই সমগ্ৰ ঘটনা গাপ দিবলৈ নানা পন্থা হাতত লৈছে আৰু তাৰ পাছত শোধনাগাৰ কৰ্তৃপক্ষই অতি কৌশলগতভাৱে চৰিত্ৰহীন লম্পট নীহাৰ প্ৰসাদ শৰ্মাক নিলম্বন কৰা হৈছে বুলি বিভিন্ন ধৰণে প্ৰচাৰ অব্যাহত ৰাখিছে।

যদিহে শোধনাগাৰ কৰ্তৃপক্ষই প্ৰকৃততে যন্ত্ৰীকৰণ বিভাগৰ উপ-মহাপ্ৰৱন্ধক নীহাৰ প্ৰসাদ শৰ্মাক নিলম্বন কৰিছে তেনেহ’লে কি নীতিত সংবাদ মাধ্যম অথবা ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানটোৰ ভিতৰ চ’ৰাত ৰাজহুৱা জাননী ফলকত শৰ্মাক নিলম্বন কৰাৰ পত্ৰখন আৰিবলৈ সাহস কৰিব পৰা নাই বুলিও প্ৰশ্ন কৰে। লগতে অতি শীঘ্ৰে পত্ৰ ৰাজহুৱা কৰাৰ দাবী জনায়।

Exit mobile version