কাবুলৰ পৰা উভটা ৭৮জনৰ ভিতৰত ১৬জন ক’ভিড আক্ৰান্ত ,সকলোকে ৰখা হৈছে কোৱাৰেন্টাইনত

1629863606 afgan

আফগানিস্তানৰ পৰা মঙলবাৰে ৭৮ জন লোক ভাৰতত উপস্থিত হয়। তেওঁলোকৰ ভিতৰত ১৬ জনৰ দেহত ধৰা পৰিছে কৰ’না ভাইৰাছৰ উপস্থিতি।

আক্রান্তসকলৰ ভিতৰত আছে শিখ ধৰ্মগ্ৰন্থ’গুৰু গ্ৰন্থ চাহিব’ লৈ আফগানিস্তানৰ পৰা উভতি অহা তিনিজন লোক ।

আক্রান্ত হোৱা ১৬জন লোকেই ক’ভিড লক্ষণহীন ।সেইবাবেই সাৱধানতা অৱলম্বনৰ বাবে আফগানিস্তানৰ পৰা উভটি অহা ৭৮জন লোককেই কোৱাৰেন্টাইনত ৰখা হৈছে।

মঙলবাৰে ৪৬ জন আফগান হিন্দু আৰু শিখকে ধৰি মুঠ ৭৮ জন লোকক কাবুলৰ পৰা দিল্লীলৈ উৰুৱাই অনা হৈছিল।

Exit mobile version