জাৰ্মানীৰ পথত পিজ্জা বিক্ৰী কৰিছে আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰী ছাদাতে

syed ahmad sadat 1629876532447 1629876545169

জাৰ্মানীৰ পথত পিজ্জা বিক্ৰী কৰিছে আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰীয়ে ! এই ছবি প্ৰকাশ্যত আনিছে সংবাদ মাধ্যম ‘অল জজিৰা আৰৱে’ । ছৈয়াদ আহমেদ শ্বাহ ছাদাতে ২০১৮ত ঘানি মন্ত্ৰীসভাত যোগ দিয়ে । কিন্তু পৰৱৰ্তী সময়ত মতানৈক্যৰ বাবে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি জাৰ্মানীলৈ আহে । ধন শেষ হৈ যোৱাৰ ফলত তেওঁ পিজ্জা ডেলিভাৰীৰ কাম কৰিবলগীয়া হয় ।

২০১৮ত আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ মন্ত্ৰীসভাত যোগাযোগ আৰু প্ৰযুক্তি মন্ত্ৰী হিচাপে যোগ দিয়ে ছাদাতে । দুবছৰ আফগানিস্তানত মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ পাছত ঘানিৰ স’তে মতানৈক্যৰ বাবে তেওঁ পদত্যাগ কৰে । বিগত বৰ্ষৰ ডিচেম্বৰত ছাদাত জাৰ্মানীৰ লিপজিগত আছিল । তাতেই তেওঁ অৰ্থৰ অভাৱত পিজ্জা ডেলিভাৰীৰ কাম কৰিবলগীয়া ।

ছাহাদে এক সংবাদ মাধ্যমক জনোৱা অনুসৰি, অৰ্থ শেষ হৈ যোৱাৰ বাবে বাধ্যত পৰি তেওঁ পিজ্জা ডেলিভাৰীৰ কাম কৰিবলগীয়া হয় । অক্সফ’ৰ্ডৰ দুটা স্নাতকোত্তৰ ডিগ্ৰীধাৰী ছাদাতে দীৰ্ঘদিন ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ একাধিক বহুজাতিক সংস্থাৰ উচ্চ পদত কাম কৰিছিল । আফগান চৰকাৰৰ স’তেও তেওঁৰ কাম কৰাৰ অভিজ্ঞতা আছে । তেওঁ টেলিকম ক্ষেত্ৰত ২৩ বছৰ কাম কৰিছিল । কামৰ সূত্ৰে ছৌদিসহ বিশ্বৰ ১৩খন দেশ ভ্ৰমণ কৰিছে । ২০১৮ত চাকৰি ত্যাগ কৰি আফগান মন্ত্ৰীসভাত যোগ দিয়ে । ২০২০ত সকলো ত্যাগ কৰি জাৰ্মানীলৈ যাত্ৰা কৰে । তেতিয়াৰ পৰাই পিজ্জা ডেলিভাৰীৰ কাম কৰে ।

সংবাদ মাধ্যমক ছাদাতে কয়, তেওঁৰ জীৱনযাত্ৰা এছিয়া আৰু আৰৱৰ ক্ষমতাশালীসকলৰ স’তে মিলালে নহ’ব । বৰঞ্চ নিজৰ জীৱনকেই এই ক্ষেত্ৰত অনুঘটক হিচাপে চিহ্নিত কৰিছে ঘানি চৰকাৰৰ প্ৰাক্তন যোগাযোগ আৰু প্ৰযুক্তি মন্ত্ৰীজনে ।

আফগানিস্তানত ঘানি চৰকাৰৰ পতনৰ আশংকা কৰিছিল নেকি ? দেশ পৰিচালনাৰ কাম এৰি লিপজিগৰ ৰাস্তাত পিজ্জা ডেলিভাৰীৰ কাম কৰা প্ৰাক্তন আফগান মন্ত্ৰীজনে কয়, ‘ঘানি চৰকাৰৰ ইমান দ্ৰুত পতন হ’ব বুলি ম‌ই ভবা নাছিলো ।’

Exit mobile version