তিনি সংগঠনৰ উদ্যোগত ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত “ৰাজহুৱা শ্ৰমদান কাৰ্যসূচী”

তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত আজি তিনিটাকৈ জাতীয় সংগঠনে “ৰাজহুৱা শ্ৰমদান কাৰ্যসূচী” ৰূপায়ণ কৰে । সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত আজি পুৱাই মহাবিদ্যালয় চৌহদত উপস্থিত হৈ মহাবিদ্যালয়ত প্ৰৱেশ কৰা জৰাজীৰ্ণ তথা বোকাময় পথত শিল-ইটা দি মেৰামতি কৰাৰ লগতে মহাবিদ্যালয় চৌহদ পৰিস্কাৰ কৰি শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰে ।

উল্লেখযোগ্য যে, বৃহত্তৰ ডুমডুমা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা প্ৰদানৰ লক্ষৰে ২০২০ বৰ্ষতেই সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিৰ বীৰ ৰাঘৱ মৰাণৰ নামত ডুমডুমাত এখন আদৰ্শ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ঘোষণা কৰিলে, যদিও বৰ্তমানেও ডুমডুমা মহাবিদ্যালয়ৰ ছাত্ৰ-আৱাসতেই পাঠদান চলাই থকা হৈছে । বিগত বৰ্ষৰে পৰা পাঠদান আৰম্ভ হোৱা আৰ্দশ মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ণৰ সুবিধা মাত্ৰ ১২০ জন যদিও বিগত বৰ্ষত প্ৰায় চাৰিশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম ষাণ্মাষিকৰ পৰা বৰ্তমান দ্বিতীয় ষাণ্মাষিকলৈ উৰ্ত্তীণ হৈছে ৷

ইফালে, এই বৰ্ষতো আদৰ্শ মহাবিদ্যালয়খনত বৰ্তমানলৈকে প্ৰায় ২৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে নামভৰ্তিৰ বাবে পঞ্জীয়ন কৰিছে ৷ গতিকে মহাবিদ্যালয়খন স্থায়ীভাৱে প্ৰতিষ্ঠা কৰি গুৰুত্ব দিবলৈ ৰজাঘৰীয়াক দল-সংগঠনসমূহে চৰকাৰক দাবী জনাইছে ।

Exit mobile version