যৌতুকৰ দাবীত বোৱাৰী হত্যাৰ অভিযোগ, মেৰেৰচৰ আৰক্ষী থানাত গোচৰ ৰুজু

হত্যাৰ অভিযোগত মফিজুদ্দিনক গ্ৰেপ্তাৰ

violence against women 0

বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ ভাৰালীপাৰা ১নং খণ্ডত যৌতুকৰ দাবীত এগৰাকী বোৱাৰীক হত্যা কৰাক কেন্দ্ৰ কৰি অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । বৰপেটা জিলাৰ আপৰূপী গাঁৱৰ নজৰ আলীৰ কন্যা ৰাশিদা খাতুনৰ তিনি বছৰ আগতে বঙাইগাঁও জিলাৰ ভাৰালীপাৰা ১নং খণ্ডৰ ফজৰ আলীৰ ল’ৰা মফিজুদ্দিনৰ লগত বিবাহ হয় । তেতিয়াৰ পৰাই যৌতুকৰ বাবে স্বামী মফিজ উদ্দিনে শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাশিদা খাতুনৰ পিতৃ পৰিয়ালে।

ADVERTISEMENT

অভিযোগ মতে, যোৱা ২৩ আগষ্টৰ পুৱা স্বামী মফিজ উদ্দিনে তেওঁৰ পত্নী ৰাশিদা খাতুনক যৌতুকৰ দাবীত অমানসিকভাৱে মাৰপিট কৰি নিজৰ ঘৰতেই আৱদ্ধ কৰি ৰাখে । শৰীৰৰ বিভিন্ন অংশত আঘাতপ্ৰাপ্ত ৰাশিদা খাতুন চিকিৎসাৰ অভাৱত কালি মৃত্যু বৰণ কৰে ।

উক্ত ঘটনা সংক্ৰান্তত মৃত ৰাশিদা খাতুনৰ পৰিয়ালে মেৰেৰচৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে। ইতিমধ্যে মেৰেৰচৰ আৰক্ষীয়ে মৃত ৰাশিদা খাতুনক মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । অৱশ্যে হত্যাকাৰী মফিজুদ্দিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

Exit mobile version