চলিত বৰ্ষতে ৰাছিয়াৰ পৰা ভাৰতে লাভ কৰিব এছ-৪০০ ক্ষেপণাস্ত্র প্রতিৰােধী ব্যৱস্থা

105701995 rusmissilescrimgetty29nov18

চলিত বৰ্ষৰ অন্তিমভাগত ভাৰতে ৰাছিয়াৰ পৰা এছ-৪০০ ক্ষেপণাস্ত্র প্রতিবােধী ব্যৱস্থা লাভ কৰাৰ সম্ভাৱনা আছে।

ইউনাইটেড শ্বিপবিল্ডিং কৰ্প’ৰেচন (ইউ এছ চি)ৰ মুখ্য কাৰ্যবাহী বিষয়া এলেক্সি ৰখমান’ভে ভাৰতক এই কথা অৱগত কৰি কয় যে ভাৰতৰ স’তে হােৱা পূর্বৰ চুক্তি অনুসৰি, চলিত বৰ্ষৰ ভিতৰতে ৰাছিয়াই ভাৰতক এছ-৪০০ ক্ষেপণাস্ত্র প্রতিৰােধী ব্যৱস্থাৰ যােগান ধৰিব।

তদুপৰি ২০২৩ৰ ভিতৰত ৰাছিয়াত তৈয়াৰ ক্রিৱাক শ্ৰেণীৰ ৰণৰী জাহাজো দেশখনে ভাৰতক যােগান ধৰিব। ৰাছিয়াৰ পৰা ভাৰতে এছ-৪০০ আৰু ক্ৰিৱাক জাহাজ লাভ কৰিলে দেশৰ প্ৰতিৰক্ষা খণ্ড যথেষ্ট শক্তিশালী হ’ব।

Exit mobile version