বাগসাৰ শালবাৰীৰ খাৰিজা বিজনীৰ বাৰাপেটা মিলন বজাৰৰ সমীপৰ ওলোটাই খুন্দা উপনৈত বিগত চাৰিটা বছৰ ধৰি বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিবলগীয়া হৈছে বিভিন্ন অঞ্চলৰ ৰাইজে৷
এখন দলঙৰ অভাৱত বোৱতী সুতিৰ ওপৰত থকা লোৰ পাটিৰ ওপৰেৰে বিপদজনকভাৱে পাৰ হ’বলগীয়া হৈছে পথাচাৰীকে ধৰি দুচকীয়া বাহন৷ ঠিকাদাৰৰ হেমাহিৰ বাবে বিগত পাঁচটা বছৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই বাৰাপেটা মিলনবজাৰ-বৰপেটাৰোড সংযোগী পথৰ দলংখন৷
দলংখন নিৰ্মীয়মান অৱস্থাত থকা বাবে অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ কিছু সুবিধাৰ্থে কাষতে এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান জৰাজীৰ্ণ হৈ পৰিছে সাঁকোখন৷ যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, ৰোগী, ব্যৱসায়ী আদিকে ধৰি বিভিন্ন শ্ৰেণীৰ ৰাইজে অতি বিপদজনকভাৱে পাৰাপাৰ হ’ব লগীয়াত পৰিছে নৈখন৷
ইফালে বাৰিষাৰ বাবে উপনৈখনত পানী বৃদ্ধিৰ লগে লগেই ব্যস্ত পথটোত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে চাৰিচকীয়া বাহনৰ চলাচল৷ কে’বাবছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি অহা স্থানীয় ৰাইজে শীঘ্ৰেই দলঙখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কতৃপক্ষক দাবী জনাইছে৷