তদন্তকাৰীৰ হেমাহিত ভগৱানৰ নাম ল’লে ন্যায়ালয়ে

full

দেশৰ একাংশ সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অভিযোগৰ সন্দৰ্ভত তদন্তৰ লেহেমীয়া গতিক লৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চি বি আই) আৰু প্ৰৱৰ্তক সঞ্চালকালয় (ই ডি)ক তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিলে উচ্চতম ন্যায়ালয়ে । একাংশ সাংসদ বিধায়েকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ গোচৰ বিগত ১০-১৫ বছৰ ধৰি নিষ্পত্তিবিহীন অৱস্থাত আছে আৰু আজিলৈকে তদন্তকাৰী সংস্থাই কোনো অভিযোগনামা দাখিল কৰা নাই । কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ এনে ভূমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কালি দেশৰ ন্যায়াধীশ এন ভি ৰামান্নাই এই সন্দৰ্ভত তদন্তকাৰীক কাৰণ দৰ্শাবলৈ নিৰ্দেশ দিয়ে ।

ই ডিৰ কাম-কাজত চৰম অসন্তুষ্টি প্ৰকাশ কৰি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে এই তদন্তকাৰী সংস্থাটোৱে কেৱল অভিযুক্তৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ বাহিৰে আন কোনো দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰা প্ৰত্যক্ষ হোৱা নাই । ‘গোচৰসমূহ এইদৰে ওলোমাই নাৰাখিব । অভিযোগনামা দাখিল কৰক । আমি এই তদন্তকাৰী সংস্থাসমূহৰ বিৰুদ্ধে কোনো মন্তব্য প্ৰকাশ কৰিব বিচৰা নাই, কিয়নো আমি তেওঁলোকক উদ্যমহীন কৰিব নিবিচাৰো; কিন্তু যিমানসমূহ গোচৰ নিষ্পত্তিবিহীন হৈ আছে, সেয়া সঁচাকৈয়ে চিন্তনীয় ।’ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ নেতৃত্বত থকা মুখ্য ন্যায়াধীশ ৰামান্নাই কালি এইদৰে কয় । দেশৰ সৰ্বোচ্চ ন্যায়াধীশজনে লগতে কয় যে দেশবাসীক ন্যায় প্ৰদান কৰিবলৈ হ’লে প্ৰতিটো গোচৰৰ দ্ৰুত তদন্ত আৰু বিচাৰ সম্পন্ন হ’ব লাগিব ।

দেশৰ তদন্তকাৰী সংস্থাই সাংসদ-বিধায়কৰ বিৰুদ্ধে উত্থাপিত হৈ অহা অভিযোগৰ অনুসন্ধানত হেমাহি কৰাৰ এক উদাহৰণ দাঙি ধৰি আদালত বান্ধৱ (এমিকাছ কিউৰি) বিজয় হন্সৰিয়াই উচ্চতম ন্যায়ালয়ক অৱগত কৰি কয় যে এনে এক গোচৰত তদন্তকাৰী সংস্থাই প্ৰকাশ কৰা অনুসৰি ২০৩০ৰ ভিতৰত তদন্ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । এই কথা অৱগত হোৱাৰ লগে লগে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অবাক হৈ কয়, ‘হে ভগৱান !’ মুখ্য ন্যায়াধীশ ৰামান্নাৰ লগতে ন্যায়াধীশ চন্দ্ৰচূড় আৰু সূৰ্য কান্তে প্ৰকাশ কৰা অনুসৰি, তদন্তত হোৱা বিলম্বৰ প্ৰসংগত দেশৰ অনুসন্ধানকাৰী প্ৰতিষ্ঠানকেইটাই কোনো কাৰণ এতিয়ালৈকে প্ৰদৰ্শন কৰা নাই ।

‘আমাৰ দৰে তদন্তকাৰী প্ৰতিষ্ঠানসমূহতো প্ৰয়োজনীয় সংখ্যক কৰ্মচাৰীৰ অভাৱ আছে । যিকোনো বৃহৎ অথবা ক্ষুদ্ৰ অভিযোগৰ ক্ষেত্ৰত মানুহে চি বি আইৰ তদন্ত বিচাৰে । আমি এই কথা বুজিব পাৰো যে তদন্তকাৰী প্ৰতিষ্ঠানসমূহো আদালতৰ দৰেই অত্যধিক কামৰ বোজাৰে জৰ্জৰিত । একাংশ গোচৰৰ ক্ষেত্ৰত তদন্তকাৰী সংস্থাই বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে অগ্ৰসৰ হোৱাৰ লগতে তেওঁলোকক অধিক সম্পদৰ প্ৰয়োজন হয় । এনেবোৰ কাৰণত তদন্ত বিলম্ব হ’ব পাৰে; কিন্তু অতিমাৰীৰ ফলত আদালত যথেষ্ট প্ৰভাৱিত হৈছে । তদন্তকাৰী সংস্থাসমূহ কিন্তু অতিমাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা নাই । তেওঁলোকে নিজৰ সৰ্বস্ব তদন্তত নিয়োগ কৰিব পৰা নাই কিয় ?’ তিনিজনীয়া বিচাৰপীঠখনে এইদৰে মত প্ৰকাশ কৰে ।

মুখ্য ন্যায়াধীশ ৰামান্নাৰ মতে, জনপ্ৰতিনিধিৰ স’তে জড়িত গোচৰসমূহৰ তদন্ত ক্ষিপ্ৰ গতিত হোৱাটো অত্যন্ত জৰুৰী, কিয়নো অন্যথা এইসকল ব্যক্তিয়ে তেওঁলোকৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ যথেষ্ট সম্ভাৱনা থাকে । ‘জনপ্ৰতিনিধিৰ বিৰুদ্ধে উত্থাপিত গোচৰসমূহৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰ শংকা থাকে । সেয়েহে আমি কিছুদিন বিশেষ চৰ্ত আৰোপ কৰিছো । পূৰ্বৰ শুনানিত আমি কৈছিলো যে জনপ্ৰতিনিধিৰ বিৰুদ্ধে উত্থাপিত গোচৰ ন্যায়ালয়ৰ অনুমতি অবিহনে প্ৰত্যাহাৰ কৰিব নোৱাৰিব ।’ মুখ্য ন্যায়াধীশে এইদৰে কয় ।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই চৰকাৰৰ হৈ আদালতত প্ৰতিনিধিত্ব কৰি জনপ্ৰতিনিধিৰ বিৰুদ্ধে উত্থাপিত হৈ অহা গোচৰৰ তদন্তত বিলম্ব হোৱাৰ কথা স্বীকাৰ কৰি কয়, ‘প্ৰতিটো গোচৰৰ কথালৈ নগৈ ম‌ই এই কথাত সহমত প্ৰকাশ কৰো যে তদন্তৰ প্ৰক্ৰিয়া ত্বৰান্বিত হোৱা জৰুৰী ।’

মেহতাৰ এই মন্তব্যৰ উত্তৰ দি ক্ষুব্ধ মুখ্য ন্যায়াধীশে কয়, ‘ত্বৰান্বিত কৰাৰ কথা কোৱা সহজ, কিন্তু বাস্তৱত ক’ত তদন্তৰ গতি ত্বৰান্বিত হয় ?’ সৰ্বোচ্চ ন্যায়ালয়ে কি কাৰণত জনপ্ৰতিনিধিৰ বিৰুদ্ধে উত্থাপিত ইমান বৃহৎসংখ্যক অভিযোগৰ তদন্ত লেহেমীয়া হৈছে, সেই সন্দৰ্ভত সবিশেষ তথ্য পৰৱৰ্তী শুনানিত আদালতত দাখিল কৰিবলৈ মেহতাক নিৰ্দেশ দিয়ে ।

Exit mobile version