‘দ্য শ্ব মাষ্ট গো অন’,প্লাষ্টাৰ কৰা হাতেৰেই শ্বুটিংত আহি উপস্থিত অভিষেক

canva photo editor 1 15

কিছুদিনৰ আগতে চেন্নাইত দৃশ্যগ্ৰহণ কৰি থকাৰ সময়ত আহত হৈছিল অভিনেতা অভিষেক বচ্চন । তেওঁক হাতত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

হাড় ভঙাৰ কাৰণে অভিনেতাগৰাকীৰ হাত প্লাষ্টাৰ কৰা হৈছিল। কিন্তু তেওঁ বৰ্তমান অস্ত্ৰোপচাৰৰ পাছত সুস্থ হৈ আছে। বৃহস্পতিবাৰে প্লাষ্টাৰ কৰা হাতেৰে শ্বুটিংৰ ছেটত উপস্থিত হৈছিল অভিনেতাগৰাকী ।

বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত নিজৰ এখন ফটো প’ষ্ট কৰিলে অভিষেক বচ্চনে। ফটোখনত অভিনেতাজনক তেওঁৰ সোঁ হাতত প্লাষ্টাৰ কৰা দেখুওৱা হৈছে। কেপিছনত তেওঁ লিখিছে, ‘যোৱা বুধবাৰে চেন্নাইত শ্বুটিং কৰাৰ সময়ত এক দুৰ্ঘটনাৰ কৱলত পৰিলোঁ ।

হাত ভাঙি গ’ল। অস্ত্ৰোপচাৰৰ দ্বাৰা হাতখন ভাল হৈছে। অস্ত্ৰোপচাৰৰ পাছত এতিয়া ঠিক আছে। এতিয়া মই চেন্নাইলৈ উভতি আহিলোঁ আৰু পুনৰ কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। কিয়নো কথাত কোৱা হয় যে শ্ব মাষ্ট গো অন।’

লগতে ধেমালিৰ সুৰত তেওঁ কলে যে,’মোৰ দেউতাই কয় মৰ্ড কো দর্দ নাহি হোতা,’ কিন্তু এইবাৰ অলপ লাগিছিল। যি সকলে তেওঁৰ শাৰীৰিক অৱস্থাৰ সময়ত তেওঁৰ সুস্বাস্থ্যৰ কামনা কৰিছিল অভিনেতাজনে তেওঁলোকক ধন্যবাদ জনাইছিল ।

অভিষেকক শেষবাৰৰ বাবে অনুৰাগ বসুৰ ছবি লুডোত কেইমাহমান আগতে দেখা গৈছিল। দৰ্শকসকল তেওঁৰ প্ৰদৰ্শনত প্ৰভাৱিত হৈছিল। অভিষেকে পাছত পৰিচালক তুষাৰ জালোটাৰ ছবি দাসৱীত মুখ্য চৰিত্ৰত অভিনয় কৰিব।

Exit mobile version