মাৰ্ঘেৰিটাৰ লেখাপানীৰ এটি সাত বছৰীয়া শিশুৱে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে শিক্ষাৰ ক্ষেত্ৰত উপকৃত হ’ব পৰাকৈ তৈয়াৰ কৰি উলিয়াইছে এটা মবাইল‌ এপ্

অসাধাৰণ প্ৰতিভাসম্পন্ন এটি শিশু । মাৰ্ঘেৰিটা‌ মহকুমাৰ লেখাপানী সেনা ছাউনীৰ সেনা বিষয়া সন্দীপ কৌশাল আৰু ড° দিপিকা কৌশালৰ সূযোগ্য সাত বছৰীয়া সন্তান বিৰাজ কৌশাল । বিৰাজ কৌশাল ডিগবৈ ডি পি এছৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৷

যি সময়ত দেশৰ লগতে ৰাজ্যত ক’ৰনা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, দেশত আশংকিক তলাবন্ধৰ ফলত দুটা বছৰ ধৰি বিদ্যালয় সমূহ সম্পূৰ্ণ বন্ধ হৈ পৰাৰ লগে বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰীৰ বাবে অনলাইন পাঠদান হৈ আছে তেনে সময়তে বিৰাজ কৌশালে ছাত্ৰ ছাত্ৰীৰ বাবে এটি Exam এপ্ তৈয়াৰ কৰিছে ।

মাত্ৰ সাত বছৰ বয়সতে শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে সহজে যিকোনো প্ৰশ্নৰ উত্তৰ পাব পৰাকৈ ‘Exam App’ নামৰ এটা এপ্ তৈয়াৰ কৰি উলিয়াইছে।

এইপৰ্যন্ত ছাত্ৰজনে ১০ টাৰো অধিক এপ্ তৈয়াৰ কৰিছে ৷ অতি শীঘ্ৰে ছাত্ৰজনৰ এই এপ্ সমূহ ‘Google Play Store’ আৰু ‘Apple app’ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ হ’ব বুলি জানিব দিছে অভিভাৱকে ৷

Exit mobile version