ৰেলৰ যাত্ৰাত দুঘণ্টা পলম : যাত্ৰীক ৪.৫ লাখ টকাৰ ক্ষতিপূৰণ ভাৰতীয় ৰেলৰ

indian railways dh1533891549 1

ৰেল চলাচলত দুঘণ্টা পলম হােৱাৰ কাৰণত যাত্রীক ক্ষতিপূৰণ প্ৰদানৰ কথা ঘােষণা কৰিলে ভাৰতীয় ৰেলে। ইণ্ডিয়া টুডে’ৰ বাতৰি অনুসৰি, মুঠ ২০৩৫ জন যাত্রীৰ বাবে এই ঘােষণা কৰিলে আই আৰ চি টি চিয়ে।

মুঠ ক্ষতিপূৰণ আদায়ৰ পৰিমাণ হৈছে চাৰি লাখ ৪৯ হেজাৰ ৬০০ টকা। যােৱা শনি আৰু দেওবাৰে নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলাচল কৰিছিল তেজছ এক্সপ্ৰেছৰ দুখন ৰেল।

শনিবাৰে অতিবৃষ্টিৰ বাবে নতুন দিল্লীৰ ৰেল ষ্টেচনত চিগনেলৰ সমস্যাই দেখা দিছিল। এই কাৰণতে প্রায় দুঘণ্টা পলমকৈ ষ্টেচনত উপস্থিত হৈছিল ৰেলখন।

আনহাতে, দেওবাৰে লক্ষ্ণৌ-দিল্লী তেজছ এক্সপ্ৰেছ প্রায় এঘণ্টা পলমকৈ চলাচল কৰিছিল। উল্লেখ্য যে তেজছ এক্সপ্ৰেছ হৈছে ভাৰতৰ প্ৰথমখন ছেমি-হাইস্পীড শীততাপ নিয়ন্ত্রিত ৰেল। বর্তমানে ভাৰতীয় ৰেলৰ অধীনত চাৰিখন তেজছ এক্সপ্ৰেছ আছে।

Exit mobile version