অসমৰ ধৰ্মীয় ঐতিহ্য ৰক্ষাৰ্থে দিল্লীত স্থাপিত হ’ব সংগ্ৰহালয়

পাঠশালাত ডি এন‌ এল‌ এ উগ্ৰপন্থীক তীব্ৰ সঁকীয়নি মন্ত্ৰী ৰণজিৎ দাসৰ

ডিমা হাছাও জিলাত ডি এন এল এ উগ্ৰপন্থীয়ে কৰা বৰ্বৰ আক্ৰমণৰ পিছতেই পাঠশালাত ডি এন এল এ উগ্ৰপন্থীক সঁকীয়নি প্ৰদান কৰে মন্ত্ৰী ৰণজিৎ দাসে । মহাপুৰুষ মাধৱদেৱৰ পুন্য তিৰোভাব তিথি উপলক্ষে মন্ত্ৰীগৰাকীয়ে আজি নিজৰ সমষ্টি পাটাছাৰকূছীৰ বামাখাটা সত্ৰত পুৱাই উপস্থিত হৈ সেৱা জনায় ।

ইয়াৰ পাছতেই মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ স’তে মুখামুখি হৈ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি কয়, ‘মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ মনিকাঞ্চান সংযোগৰ বাবে আমি আজি অসমীয়া জাতিয়ে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছো । এই দুগৰাকী মহাপুৰুষ যদি নাথাকিলেহেঁতেন আমি হয়তো অসমীয়া বুলি দাবী কৰাৰ কোনো থল নাথাকিলহেঁতেন ।’

নৱ প্ৰজন্মক গুৰু কেইজনাৰ বিষয়ে আলোকপাত কৰিবলৈ আহ্বান জনাই দাসে পুনৰ কয়, ‘ইতিমধ্যে আমি অসম চৰকাৰে নতুন দিল্লীত ধৰ্মীয় ঐতিহ্য ৰক্ষাৰ বাবে সংগ্ৰহালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । ইয়াৰ বাবে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ মন্তব্য আগবঢ়ায় ।

ইপিনে, যোৱা নিশা ডিমা হাছাও জিলাত ডি এন এল এ সংঘটিত কৰা বৰ্বৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী দাসে কয়, ‘আমি সকলোকে মূল সুঁতিলৈ অহাৰ কাৰণে আহ্বান জনাইছো । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ দায়িত্ব লোৱাৰ পাছৰ পৰাই আমি এই ক্ষেত্ৰত কিছু সফলতাও লাভ কৰি আহিছো । তাৰ মাজতেই এনেকোৱা হয়টো দুই চাৰিটা ঘটনা নঘটা নহয়, কিন্তু আমি এই কথাষাৰ দৃঢ়তাৰে কʼব পাৰো যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে সংকল্প আছে যে কোনো ধৰণৰ আপোচ নকৰে তেওঁ এই ক্ষেত্ৰত শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰিছে ।’

মন্ত্ৰী দাসে পুনৰ কয়, ‘আগন্তুক দিনত যদি তেওঁলোকে মূল সুঁতিত থাকিব নিবিচাৰে তেনেহʼলে আগন্তুক দিনত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে তেওঁলোক য’তেই নাথাকক কিয় তেওঁলোকক আমি বিচাৰি উলিয়ায় পেলাই যি আইনৰ সন্মুখত তেওঁলোকক আমি দ্বাৰস্থ কৰাম ।’

মূল সুঁতিলৈ ঘূৰি আহিলে আমি সকলোকে ক্ষমা প্ৰদান কৰি আহিছো বুলি উল্লেখ কৰি তেওঁ কয়, ‘আমি সহনশীল মানুহ কাৰণ ভাৰতবৰ্ষৰ যি সংস্কৃতি ভাৰতীয় মনৰ মানুহৰ যি সংস্কৃতি, যে আমি সংস্কাৰ কৰিব বিচাৰো কোনোবাই অপৰাধ কৰিলেও কাৰণ অপৰাধ কৰা গৰাকীক আমি যিমান দোষী বুলি ভাবো কিন্তু অপৰাধটোক আমি বেছি দোষ বুলি ভাবো । গতিকে সেই দৰ্শনটোক আগত ৰাখি পেলাই আমি সংস্কাৰ কৰা ব্যৱস্থা কৰি আহিছো আৰু অসমত ইমান দিনে সংস্কাৰ হৈ আহিছে ।’

মন্ত্ৰী দাসে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কথা উল্লেখ কৰি কয়, ‘যি সময়ত নেকি আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা পৰ্যন্ত আমাৰ ১৫ আগষ্টৰ দিনাখন এইবাৰ ৪২ বছৰ পাছত প্ৰথমবাৰৰ বাবে বিৰোধ কৰা নাই । সেই সময়ত যদি এনেকোৱা দুই চাৰিজন দুস্কৃতিকাৰীয়ে তেনেকোৱা কিবা কাম কৰি অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিম বুলি ভাবিছে আগন্তুক দিনত নিশ্চিত ৰূপত তেওঁলোকে শাস্তিৰ সন্মুখীন হʼব লাগিব আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্ত্ৰী ৰণজিৎ দাসে মন্তব্য প্ৰকাশ কৰে ।

Exit mobile version