সুদীৰ্ঘ ৩৩ বছৰ পূৰ্বে বৰপেটা জিলাৰ ময়নবৰীৰ চান্দ মিঞাই সিদ্ধান্ত লৈছিল যে গুৰু দুজনাই যি আদৰ্শৰে অসমীয়া সমাজখনক যাউতিযুগলৈ মহিমামণ্ডিত কৰি থৈ গৈছে, সেই ধাৰাত তেওঁ নিজকে সমৰ্পণ কৰিব । এইক্ষেত্ৰত তেওঁৰ বাবে পথ প্ৰদৰ্শক হৈ আহিছিল ঐতিহাসিক ময়নবৰী সত্ৰৰ তদানীন্তন সত্ৰাধিকাৰ ভগৱান চন্দ্ৰ অধিকাৰী । আৰু ১৯৮৮ৰ এটি শুভ দিনত এখন গোড়া ইছলামধৰ্মী সমাজৰ পৰা অহা চান্দ মিঞাক মহাপুৰুষীয়া ধৰ্ম অনুসৰি শৰণ দিছিল একশৰণ ভাগৱতী সমাজৰ মুৰব্বী প্ৰয়াত আচাৰ্য ইলাৰাম দাসে । তাৰ পাছৰ পৰা মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰত এখন্তেকো ৰৈ থকা নাই তেতিয়াৰ চান্দ মিঞা তথা বৰ্তমানৰ চান্দ ওজাই ।
কীৰ্তনঘোষা, নামঘোষা তেওঁৰ কণ্ঠস্থ । সৰসৰকৈ কণ্ঠেৰে নিগৰে ভাগৱতৰ পদবোৰ । চান্দ সাই তেওঁৰ বাবে আদৰ্শ । আজিৰ চান্দ ওজাৰ ময়নবৰী স্থায়ী ঠিকনা হ’লেও তেওঁ আজি একপ্ৰকাৰ যাযাবৰ । ইখনৰ পাছত সিখন সত্ৰ ভ্ৰমি ফুৰা, সমাজত গুৰু দুজনাৰ বাণী প্ৰচাৰ কৰোতেই তেওঁৰ দিন উকলে, ৰাতি বাগৰি যায় । সম্পূৰ্ণ উদাসীন ভকতৰ জীৱনক তেওঁ আঁকোৱালি লৈছে । কেতিয়াবা ময়নবৰীৰ ফালে গ’লে নিজৰ ঘৰত সোমায় ।
পৰিয়ালত মাতৃ, জ্যেষ্ঠ ভাতৃ, ভাতৃ আদি সকলো আছে । তেওঁলোকৰো কোনেও আজিলৈকে চান্দ ওজাক তেওঁৰ দৰ্শনক লৈ প্ৰশ্ন কৰা নাই । বৰঞ্চ তেওঁৰ আদৰ্শত যাতে কোনো ধৰণৰ আঘাত নপৰে তাৰ বাবেহে সকলো সতৰ্ক হৈ থাকে । একমাত্ৰ মাতৃৰ হাতৰ চাহ গ্ৰহণ কৰে ভকত চান্দ ওজাই । মুখত অনবৰত তেওঁৰ উচ্চাৰিত হৈ থাকে কৃষ্ণৰ নাম । সাম্প্ৰতিক সময়ত ব্যতিক্ৰমী এক ব্যক্তিত্বৰূপে থিয় হৈ ৰৈছে এই চান্দ ওজা ।
‘এখন ৰক্ষণশীল সমাজৰ ইছলামধৰ্মী হৈও মোক সত্ৰাধিকাৰ ভগৱান চন্দ্ৰ অধিকাৰীয়ে নিজৰ আলধৰাৰূপে ৰাখিছিল । সেই মহানতা, সেই উদাৰতাৰ গভীৰতাক কোনেও কেতিয়াও জুখিব নোৱাৰে । অসম আন্দোলনৰ সময়ত মোৰ জীৱন যোৱাৰ উপক্ৰম হৈছিল; কিন্তু একমাত্ৰ সত্ৰাধিকাৰ অধিকাৰীদেৱৰ বাবে মোৰ জীৱন ৰক্ষা পৰিছিল । সত্ৰাধিকাৰগৰাকীৰ আদৰ্শই মোক বচাইছিল । তেওঁৰ পৰা বুজি পাইছিলো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ, নাৰায়ণ দাস ঠাকুৰ আতা আদি মহাপুৰুষসকলে সমাজখনক যি আদৰ্শ দেখুৱাই গৈছে তাত হিংসা-দ্বেষ, সৰু-বৰ নাই । মানুহ সকলো সমান । শ্ৰীমন্ত শংকৰদেৱে সকলোকে এক কৰি ৰাখিছিল । একশৰণ হৰি নাম ধৰ্মক মই ভাল পাওঁ । এয়াই এতিয়া মোৰ জীৱনৰ মূলমন্ত্ৰ ।’ এইদৰে ‘দৈনিক অগ্ৰদূত’ৰ আগত জীৱনৰ অনুভূতি ব্যক্ত কৰে চান্দ ওজাই ।
৬১ বছৰীয়া ভকত ওজাই কয় যে কেতিয়াবা পৰিয়াল অথবা অন্য দুই-এক লোকে তেওঁক সংসাৰ পতাৰ কথা কয় । তেওঁ সেই কথা হাঁহি উৰুৱাই দিয়ে । উদাসীন ভকতৰ জীৱনত যি মাধুৰ্য বিচাৰি পাইছে সেয়া অনিৰ্বচনীয় বুলি কয় । আনহাতে, নিজৰ ধৰ্ম এৰি বৈষ্ণৱ হোৱাৰ সন্দৰ্ভত আগতে এৰি অহা ধৰ্মৰ দুই-একে নেতিবাচক মন্তব্য কৰিছিল যদিও এতিয়া আৰু কোনেও তেনে একো নকয় ।
দীঘল চুলি, চুৰীয়া, পাঞ্জাবী, গামোচা আদিৰে সম্পূৰ্ণ ভকতৰ সাজৰ চান্দ ওজাৰ বাবে প্ৰতিখন সত্ৰৰ দুৱাৰ খোলা থাকে । তেওঁ নহ’লে বহু সত্ৰৰ কাম-কাজো আধৰুৱা হৈ ৰয় । নাৰায়ণ দাস ঠাকুৰ আতাই প্ৰতিষ্ঠা কৰা ময়নবৰী সত্ৰক মূল আধাৰ কৰি জীৱনচৰ্যা চলাই ৰোৱা চান্দ ওজাৰ প্ৰত্যাশা – ‘সকলোকে এক কৰি লোৱা, হিংসা-দ্বেষ একশৰণ নামধৰ্ম জীৱনৰ অন্তিম দিনটোলৈ আন্তঃকৰণেৰে সমাজৰ মাজলৈ লৈ যোৱাই হ’ব মোৰ কাম । তাৰ বাবে মোক প্ৰচাৰ নালাগে । প্ৰচাৰ কিয় লাগে, কামহে মুখ্য ।’