গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ড : নিজ মোমায়েকক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি পেলালে দৈগ্ৰোঙ নদীত

গোলাঘাট জিলাৰ বগীজান আৰক্ষী থানাৰ অধীনস্থ মুৰফুলনি-লেটেকোবস্তিৰ অজিত তামুলী(৪৭)ক নিজা ভাগিনে আন এজন বন্ধুৰ স’তে মিলি সংঘটিত কৰে লোমহৰ্ষক হত্যাকাণ্ড। এই ঘটনা পোহৰলৈ অহাৰ লগে লগেই অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই।

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২৪ আগষ্টৰ বিয়লি অজিত তামূলীয়ে ভাগিন মিনেশ্বৰ বৰা আৰু ভাগিনৰ বন্ধু জ্যোতি দাস উৰফে মইনাৰ স’তে মদ্যপান কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। প্ৰত্যক্ষদর্শীয়ে জনোৱা মতে, মিনেশ্বৰৰ ঘৰত নিশা পৰ্যন্ত মদৰ আড্ডাও চলিছিল। কিন্তু, ইয়াৰ পাছত কি হ’ল; কোনেও নাজানে যদিও অজিত তামুলী নিৰুদ্দেশ হৈ পৰিল।

পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে যদিও কোনো সম্ভেদ নাপায়। অৱশেষত কালি দৈগ্ৰোঙ নদীত বালি উঠাবলৈ অহা স্থানীয় কেইজনমান যুৱকে নৈত এটা মাংসপিণ্ড প্ৰত্যক্ষ কৰে। প্ৰথম অৱস্থাত কিহৰ হয় ধৰিব পৰা নাছিল যদিও পাছত অজিত তামূলীৰ শৰীৰ অংশ বুলি নিশ্চিত হয়। ইয়াৰ পাছতে বগীজান আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শৰীৰ অংশবোৰ উদ্ধাৰ কৰে আৰু মাৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে নৈখনত শৰীৰ বাকী অংশ উদ্ধাৰৰ বাবে অভিযান চলায় যদিও উদ্ধাৰ নহয়। ইয়াৰ পাছতে আজি পুৱা পুনৰ স্থানীয় এজন নৈপৰীয়া লোকে শুই উঠিয়ে নৈত মুখ ধুবলৈ বুলি গৈ কেইটামান মাংসৰ টুকুৰা প্ৰত্যক্ষ কৰে। ইয়াৰ পাছতে তেওঁ মানুহৰ শৰীৰৰ অংশ বুলি নিশ্চিত হোৱাত বগীজান আৰক্ষীক অৱগত কৰায়। এই খবৰ পোৱাৰ পাছতে গোলাঘাট জিলাৰ উপ-আৰক্ষী অধীক্ষক অঞ্জন পাণ্ডিতৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ তদন্তত মোমায়েকক পৰিকল্পিতভাৱে মিনেশ্বৰ বৰা আৰু জ্যোতি দাসে অতি নৃশংসতাৰে হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি দৈগ্ৰোঙ নদীত পেলাই দিয়াৰ তথ্য পোহৰলৈ আহে। কিন্তু, কিহৰ বাবে এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হ’ল; সেইয়া জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবেই হোৱা বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে।

ইপিনে, হত্যাকাৰীদ্বয় ক্ৰমে মিনেশ্বৰ আৰু জ্যোতি পালতাক অৱস্থাত আছে আৰু এই পর্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Exit mobile version