ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰি বন্তি প্ৰজ্বলন বাগসা-বৰপেটা জিলা আমছুৰ

WhatsApp Image 2021 08 27 at 4.51.54 PM

যোৱা ২৩ আগষ্টত ধেমাজীৰ মৰিধল কলেজৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াক একেখন কলেজৰে কৰ্মচাৰী ৰিণ্টু শৰ্মা নামৰ ব্যক্তিজনে দাৰে ঘপিওৱাৰ ফলত ২৫ আগষ্টত ছাত্ৰীগৰাকীৰ কৰুণ মৃত্যু হয়। মেধাৱী ছাত্ৰীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ২৬ আগষ্টৰ সন্ধিয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বাগসা আৰু বৰপেটা জিলা সমিতিৰ যৌথ উদ্যোগত তথা আমছুৰ জাখলিবিল পাথাৰ আঞ্চলিক সমিতিৰ সহযোগত খালপাৰ চকত ছাত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

উক্ত কাৰ্যসূচীত এক মিনিট সময় মৌনতা অৱলম্বন কৰি বন্তি প্ৰজ্বলন কৰি ছাত্ৰীগৰাকীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা হয় আৰু ভৱিষ্যতে কোনেও যাতে এনে ধৰণৰ বৰ্বৰ ঘটনা সংঘটিত কৰিবলৈ সাহস কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত অপৰাধৰ স’তে জড়িত অভিযুক্ত ৰিণ্টু শৰ্মাক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় সংগঠনটোৱে।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে বাগসা আৰু বৰপেটা জিলা আমছুৰ সভাপতি ক্ৰমে ছাইফুল ইছলাম খান, ছফিউৰ ৰহমান, আমছুৰ প্ৰাক্তন শিক্ষা ও আলোচনী সম্পাদক সাহজাহান আলী আহমেদ, প্ৰাক্তন আমছু কৰ্মী তথা শিক্ষক জাহিদুল ইছলাম মিৰ্ধা, এবিএমছুৰ শালবাৰী জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি হজৰত আলী, বাগসা আমছুৰ সাধাৰণ সম্পাদক সাহাদত হুছেইনৰ লগতে আমছুৰ অন্যান্য বিষয়ববীয়াসকল ৷

Exit mobile version