জনীয়াত বিপদ সীমাৰ ওপৰেদি বৈছে বেঁকী নৈৰ পানী

প্লাবিত হৈছে নৈ-পৰীয়া অঞ্চলৰ শ শ পৰিয়ালৰ ঘৰ

জনীয়া সমষ্টিৰ মাজেৰে বৈ যোৱা বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে নৈপৰীয়া লোকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াৰ পৰা ইউছুব বজাৰলৈ যোৱা নৱনিৰ্মিত পকীপথ, কালৰ্ভাটৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে।

ইফালে, নৈপৰীয়া গাঁও লাচাংগা, মুৱামাৰী, কাউৰঝাহী, গুইলেজা, বৰডাংগা, বলাইপাথাৰ, আমগুৰীৰ নৈপৰীয়া এলেকাৰ শ শ পৰিয়ালৰ ঘৰ-দুৱাৰ প্লাবিত হোৱা দেখা গৈছে । বহু পৰিয়ালৰ পুখুৰীৰ মাছ ওলাই গৈছে‌ । বানপানীত ডুব গৈছে শ শ বিঘা শালি খেতি ।

এই ক্ষেত্ৰত স্থানীয় লোকে চৰকাৰ তথা বৰপেটা জিলা প্ৰশাসনৰ সুদৃষ্টি কামনা কৰিছে ।

Exit mobile version