ফেচবুকত তালিবানৰ সমালোচনা কৰাত হত্যাৰ ভাবুকি কেৰালাৰ মুছলিম লিগ বিধায়কক

muneer 571 855

ফেচবুকত আফগানিস্তানত তালিবানৰ অত্যাচাৰৰ বিষয়ে সমালোচনা কৰাৰ ‘অপৰাধ’ত কেৰালাৰ প্ৰাক্তন মন্ত্ৰী তথা ইণ্ডিয়ান ইউনিয়ন মুছলিম লিগৰ (আইইউএম‌এল) বিধায়ক এম কে মুনিৰক হত্যাৰ ভাবুকি দিয়া হৈছে । এই বিষয়ত মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু ৰাজ্য আৰক্ষীৰ ডিজিক অভিযোগ দিছে বিধায়ক মুনিৰে ।

বিধায়ক মুনিৰে শুকুৰবাৰে জনায় যে, কাবুল দখলৰ পাছত আফগান নাগৰিকসকলৰ ওপৰত তালিবানৰ অত্যাচাৰৰ বিৰুদ্ধে তেওঁ যোৱা ১৭ আগষ্টত ফেচবুকত এটা প’ষ্ট কৰিছিল । বৃহস্পতিবাৰে তেওঁ এখন ভাবুকিৰ পত্ৰ লাভ কৰে । পত্ৰখনত মালয়ালি ভাষাত লিখা আছিল, ‘সামাজিক মাধ্যমৰ এই প’ষ্টটো ২৪ ঘণ্টাৰ ভিতৰত আঁতৰ নকৰিলে আপোনাৰ পৰিণতিও জোছেফৰ দৰে হ’ব ।’

ইছলামি সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে মত প্ৰকাশৰ ‘অপৰাধত’ প্ৰায় এক দশক পূৰ্বে অধ্যাপক টিজে জোছেফৰ হাত কাটি দিয়া হৈছিল । আৰক্ষীৰ দাবী, কেৰালাৰ কট্টৰপন্থী মুছলিম গোষ্ঠী ‘পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া’ (পিএফ‌আই) এই ঘটনা সংঘটিত কৰিছিল । বিধায়ক মুনিনকো এই সংগঠনেই ভাবুকি দিছে বুলি ধাৰণা কৰা হৈছে । সম্প্ৰতি, মলাপ্পুৰম আৰু সন্নিহিত মুছলিম অধ্যুষিত জিলাসমূহত আইইউএম‌এল আৰু পিএফ‌আই কৰ্মীসকলক সংঘৰ্ষৰ ঘটনা ঘটিছে ।

বিগত কিছু বছৰত কেৰালাৰ বহু যুৱক-যুৱতীয়ে পশ্চিম আৰু মধ্য এছিয়াত গৈ সন্ত্ৰাসগোষ্ঠী আইএছ‌আইএছ-ত যোগ দিছে । তেনে সময়তে বিধায়ক মুনিৰক দিয়া হুমকিৰ পত্ৰক লৈ সতৰ্ক কৰিলে আৰক্ষীয়ে । বিধায়কজনে কয়, ‘যিয়ে ভাবুকি নিদিয়ক, ম‌ই কোনো কাৰণতে তালিবানৰ দৰে নৃশংস মানৱতা বিৰোধী সংগঠনৰ প্ৰতি মোৰ দৃষ্টিভংগী সলনি নকৰো ।’

Exit mobile version