বজালীত স্থাপন হ’ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্যালয়

Global healthcare 2

বজালী জিলা গঠন হোৱাৰ পাছত সম্প্ৰতি জিলাখনে উত্তৰণৰ দিশত অন্য এক খোজ আগবঢ়োৱাৰ বাবে অগ্ৰসৰ হৈছে । জনসাধাৰণৰ বাবে এই উত্তৰণৰ আঁৰৰ কথাতো হ’ল বজালী জিলাত শীঘ্ৰে গঠন হ’ব অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্যালয় ।

ইতিমধ্যে অসম চৰকাৰে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰিছে । স্থাপন হ’বলগা এই সংমণ্ডল কাৰ্যালয়টোৰ পৰাই স্বতন্ত্ৰ ৰূপত বজালী জিলাৰ বিভাগীয় কাৰ্য পৰিক্ৰমা তড়িৎ গতিত সম্পন্ন হ’ব । মনকৰিবলগা যে কাৰ্যালয়টোৰ মুখ্য কাৰ্যালয় পাঠশালাতেই হ’ব ।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসৰ তৎপৰতাত সংমণ্ডল কাৰ্যালয়টো বজালীত স্থাপন হোৱাৰ বিষয়ে ব্যক্ত কৰিছে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে । আনহাতে সংমণ্ডল স্থাপন হোৱৰ খবৰত জিলাখনৰ ৰাইজৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে ।

জিলা উপায়ুক্ত দেৱ চৌধুৰীয়ে এই প্ৰসংগত সংবাদ মাধ্যমক ব্যক্ত কৰে যে সংমণ্ডলটো হোৱাৰ পাছত জলজীৱন মিচনৰ সকলো কাম শৃংখলাপূৰ্ণ আৰু তাৎক্ষণিকভাবে সম্পাদন হোৱাৰ উপৰিও জনসাধাৰণেও জলজীৱন মিছনৰ দৰে মহত্বপূৰ্ণ আৰু কল্যাণমূলক আঁচনিখনৰ সুফল অৱধাৰিতভাবে ভোগ কৰিব পাৰিব ।

Exit mobile version