ভৱানীপুৰৰ ৰাজাঘাটত চিঙি পৰি থকা ১১ হেজাৰ ভ’ল্টৰ বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি নিহত কিশোৰ

202105051533070040 Thirteen deaths at Chengalpattu GH in TN Officials deny SECVPF

ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰাজাঘাট গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী কিশোৰৰ শোকাৱহ মৃত্যু ঘটে । নিহত কিশোৰগৰাকী ৰাজাঘাট গাঁৱৰ ৰমজান আলীৰ পুত্ৰ চৰিফুল হক (১৬) ।

উল্লেখ্য যে কালি দিনৰ প্ৰায় চাৰি বজাত চৰিফুল হক নামৰ কিশোৰগৰাকীয়ে তেওঁৰ মোবাইল ফোনটো চাৰ্জ দিয়াৰ বাবে ৰাজাঘাট গাঁৱৰেই এঘৰলৈ গৈছিল। মোবাইল ফোন চাৰ্জ কৰি সন্ধিয়াপৰত পথাৰৰ মাজেৰে নিজ গৃহলৈ খোজ কাঢ়ি গৈ থাকোতে পথাৰৰ মাজত পূৰ্বৰে পৰা চিঙি মাটিত পৰি থকা ১১ হেজাৰ ভ’ল্টৰ বিদ্যুৎ প্ৰবাহিত তাৰত লাগি শোকাৱহ মৃত্যু ঘটে চৰিফুল হকৰ । নিশা আঠ বজাত চৰিফুলৰ মৃতদেহ উদ্ধাৰ হয়।

Exit mobile version