ক’পেনহেগন বিশ্বৰ সবাতোকৈ সুৰক্ষিত চহৰ, ৫০ শীৰ্ষ চহৰৰ তালিকাত আছে দিল্লী-মুম্বাই

STOCKHOLM

ডেনমাৰ্কৰ ৰাজধানী ক’পেনহেগন হৈছে বিশ্বৰ সবাতোকৈ সুৰক্ষিত চহৰ যোৱা বছৰত বিশ্বৰ সবাতোকৈ সুৰক্ষিত চহৰৰ তালিকাত শীৰ্ষস্থানত থকা টকিঅ’, ছিংগাপুৰ আৰু ওছাকাকো অতিক্ৰম কৰি এইবাৰৰ একেখন তালিকাত শীৰ্ষস্থান লাভ কৰিলে ক’পেনহেগনে ।

বিশ্বৰ সবাতোকৈ নিৰাপদ চহৰৰ তালিকাখনত দ্বিতীয় স্থানত আছে কানাডাৰ টৰ’ণ্টো আৰু তৃতীয় স্থানত আছে ছিংগাপুৰ । ইক’ন’মিষ্ট ইণ্টেলিজেন্স ইউনিট (ই আই ইউ)এ নিৰাপদ চহৰ সূচাংক-২০২১ তালিকাত বিশ্বৰ ৬০খন সবাতোকৈ নিৰাপদ চহৰক চিনাক্ত কৰিছে । ।

শীৰ্ষ ৫০ সুৰক্ষিত চহৰৰ এই তালিকাত দিল্লীয়ে ৪৮ সংখ্যক আৰু মুম্বাইয়ে ৫০ সংখ্যক স্থান লাভ কৰিছে । যোৱাবাৰ একেখন তালিকাত দিল্লীয়ে ৫২ সংখ্যক আৰু মুম্বাইয়ে ৪৫ সংখ্যক স্থান লাভ কৰিছিল ।

Exit mobile version