কালি নিশা, গড়চুক আৰক্ষীৰ পৰামর্শত বেতকুচিত পূজা পার্কিঙত তালাচী চলাই কিংফিচাৰ বিয়েৰৰ ২০ টা কার্টুন উদ্ধাৰ কৰে ।
একেদৰে কালি বশিষ্ঠ আৰক্ষীয়েও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত ৰাজু ধাবাৰ পৰা অবৈধ বিলাতী সুৰাৰ ৯০ টা বটল জব্দ কৰে । বটলকেইটা ধাবাৰ পাছফালে এখন গাড়ীত লুকাই থোৱা আছিল ।
বৃহস্পতিবাৰে নিশাও বশিষ্ঠ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত গণেশ ধাবা আৰু পণ্ডিত হোটেলৰ পৰা অবৈধ বিলাতী সুৰাৰ ৯৫টা বটল জব্দ কৰে ।
কালি নিশা পৰ্যন্ত মুঠ ৩,৩৭২টা অবৈধ বিলাতী সুৰাৰ বটল জব্দ কৰা হৈছে ।
