বৰপেটা জিলাৰ কলগাছিয়াৰ বামুনটাৰীত বলেৰ’ পিকআপৰ মালিক আৰু চালক সন্থাৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ

বৰপেটা জিলাৰ কলগাছিয়াৰ বামুনটাৰীত বলেৰ’পিকআপৰ মালিক আৰু চালক সন্থাই বৰপেটা জিলাৰ মটৰ পৰিবহণ পৰিদৰ্শকৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে পৰিবহন বিভাগে অ’ভাৰ লোভৰ নামত অযথা হাৰাশাস্তি বন্ধ কৰা। গাড়ীৰ নামত কোনো ধৰনৰ জৰিমনা বিহিলে বিভাগীয় কৰ্তৃপক্ষই ছিজাৰলিষ্ট প্ৰদান কৰি এক নিৰ্দিষ্ট সময়ৰ কাৰণে গাড়ী ৰিলিজ কৰি দিয়া আদি কৰি মুঠ ১১ দফীয়া দাবীৰ ভিত্তিত কলগাছিয়াৰ বামুনটাৰীত ৰাজ্যিক বিকল্প ঘাইপথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ কৰে।

প্ৰতিবাদকাৰী সকলে পৰিবহন বিভাগ মুৰ্দাবাদ, চালক, হেণ্ডিমেনক হাৰাশাস্তি কৰা নচলিব, অযথা জৰিমনা লোৱা বন্ধ কৰক, চালক, হেণ্ডিমেনক শ্ৰমিকৰ মৰ্যদা প্ৰদান কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

ইফালে যোৱা ২৫ আগষ্টৰ পৰা ৩১ আগষ্টলৈ বলেৰ’ পিকআপ বন্ধৰ আহ্বান কৰা কাৰ্য্যসুচী চালক আৰু মালিক সকলক সফল কৰি তুলিবলৈ প্ৰতিবাদকাৰী সকলে অনুৰোধ জনায়।

Exit mobile version