শালবাৰীত কোচৰাজবংশীৰ প্ৰতাৰণা দিৱস পালন, ক’লা পতাকা উত্তোলন কৰি প্ৰতিবাদ

WhatsApp Image 2021 08 28 at 7.22.23 PM

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, চিলাৰায় সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ যৌথ উদ্যোগত বাগসাৰ শালবাৰীৰ গোৱৰ্দ্ধনাত আজি প্ৰতাৰণা দিৱস পালন কৰা হয় ৷

কোচ ৰজা তথা কোচবিহাৰ ৰাজ্যৰ শেষ ৰজা জগদীপেন্দ্ৰ নাথ ভূববাহাদুৰ আৰু তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু তথা চৰ্দাৰ বল্লভ ভাই পেটেলৰ মাজত ১৯৪৯ৰ ২৮ আগষ্টত হোৱা চুক্তিমৰ্মে কোচ ৰাজ্যক ‘গ’ শ্ৰেণীৰ ৰাজ্য হিচাপে ঘূৰাই দিয়াৰ কথা আছিল ৷ কিন্তু আজিলৈকে কেন্দ্ৰীয় চৰকাৰে কোচৰাজবংশীসকলক কোচ ৰাজ্য ঘূৰাই নিদি কেৱল প্ৰতাৰণাহে কৰি আহিছে ৷

সেয়ে ২৮ আগষ্টৰ দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আজি শালবাৰীৰ গোৱৰ্ধনাত ক’লা পতাকা উত্তোলন কৰি “উই ৱাণ্ট কমতাপুৰ, নো কমতাপুৰ নো ৰেষ্ট, আমাৰ দাবী ন্যায্য দাবী” আদি শ্লোগান দিয়া পৰিলক্ষিত হয় কোচৰাজবংশীসকলক ৷ তেওঁলোকৰ দাবী পূৰণ নহ’লে চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে জংঘী আন্দোলন গঢ়ি তোলা হ’ব বুলিও হুংকাৰ দিয়ে ৷

আজিৰ কাৰ্যসূচীত কোচৰাজবংশী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেশৱ ৰায়, বাগসা জিলা সমিতিৰ সাংগঠনিক সম্পাদক ইন্দ্ৰজিত ৰায়, কালপানী আঞ্চলিক সমিতিৰ উপদেষ্টা নবীন বৰ্মন, সভাপতি হিতেশ বৰ্মন, গাতি আঞ্চলিক সমিতিৰ সভাপতি ফুলেন দাস আৰু কে’বাখনো আঞ্চলিক সমিতিৰ লগতে জিলাৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে ৷

Exit mobile version