বাগসা জিলাৰ শালবাৰীৰ আওহাটা গাঁৱৰ কিছুদিন পূৰ্বে নিজ পেহাকৰ দ্বাৰা হত্যাৰ বলি হোৱা ১৫ বছৰীয়া কিশোৰী চুমি নাথৰ পৰিয়ালৰ লোকক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে এক লাখ টকাৰ এখন চেক প্ৰদান কৰে ৷
ADVERTISEMENT
কালি মাধৱদেৱৰ তিথি উপলক্ষে গাতিৰ আওহাটা নামঘৰ প্ৰাংগনত বিধায়ক ফণীধৰ তালুকদাৰ উপস্থিত হৈ কিশোৰীৰ মাতৃ ধৰিত্ৰী নাথৰ হাতত এক লাখ টকাৰ চেকখন প্ৰদান কৰি চুমি নাথৰ হত্যাকাৰী কোনো সুৰুঙাৰে যাতে আইনৰ গণ্ডীৰ পৰা সাৰি যাব নোৱাৰে তাৰ বাবে পাৰ্যমানে হাতে-কামে লাগি যাব বুলি মন্তব্য কৰে ৷
একেটা কাৰ্যসূচীতে বিধায়ক তালুকদাৰে দুৰাৰোগ্য ৰোগত ভুগি থকা মছলাবাৰী গাঁৱৰ প্ৰণীতা দাসকো ২৫ হেজাৰ টকাৰ এখন চেক প্ৰদান কৰে ৷