সর্বাধিক টিকাকৰণৰ পাছতাে কেৰালাত ক’ভিডৰ ভয়াৱহ সংক্রমণ কিয় ?

Covid 19 News

কেৰালাত শেহতীয়াভাৱে কৰ’না ভাইৰাছৰ সংক্রমণ প্রতিদিনে উর্ধ্বমুখী হৈছে। বিশেষকৈ উনাম উৎসৱৰ পাছৰে পৰা ৰাজ্যখনত কৰ’নাৰ নতুন সংক্রমণে অভিলেখ সৃষ্টি কৰিছে।

দেশৰ ভিতৰতে টিকাকৰণৰ ক্ষেত্ৰত কেৰালাই নিদর্শন দাঙি ধৰিছে। কিন্তু সর্বাধিকসংখ্যক টিকাকৰণৰ পাছতাে কেৰালাত ক’ভিডৰ সংক্রমণ প্রতিৰােধ কৰাটো সম্ভৱ হােৱা নাই।

বৰঞ্চ শেহতীয়াভাৱে প্রতিদিনে ক’ভিড ৰােগীৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ বাবে বিশেষজ্ঞসকলে কেৰালা চৰকাৰকে জগৰীয়া কৰিলে। উল্লেখ্য যে ক’ভিডৰ সংক্ৰমণৰ প্রথম ঢৌৰ সময়ত অতি কমদিনতে এই ভাইৰাছৰ কবলৰ পৰা কেৰালাক মুক্ত কৰিবলৈ ৰাজ্যৰ চৰকাৰ সফল হৈছিল।

কিন্তু চৰকাৰী স্বাস্থ্য বিষয়া আৰু চৰকাৰৰ গাফিলতিৰ ফলতে আকৌ এবাৰ কৰ’নাই কেৰালাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, কেৰালাত সম্প্রতি আক্রান্ত ৰােগীক ‘গৃহ আছুতীয়াকৰণ’ৰ ব্যৱস্থা কৰা হােৱা নাই।

ফলত আক্রান্ত ৰােগীৰ পৰা ক’ভিডৰ সংক্রমণ আন ব্যক্তিলৈ বিয়পিছে। তদুপৰি আক্রান্ত অঞ্চলত কন্টেইনমেন’ জন ‘হিচাপে চিনাক্ত নকৰাৰ ফলতাে ক’ভিড সংক্রমণ ৰাজ্যখনত ঊর্ধ্বমুখী হ’বলৈ ধৰিছে বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে উদ্বেগ প্রকাশ কৰিছে।

একাংশ লােকৰ ক’ভিড বিধি ভংগৰ প্রৱণতায়াে উনামৰ সময়ত এই মাৰাত্মক ভাইৰাছৰ সংক্রমণ বৃদ্ধি কৰিলে ৰাজ্যখনত।

Exit mobile version