কাবুলত এইবাৰ ৰকেট আক্ৰমণ ! লক্ষ্য আমেৰিকাৰ নাগৰিকসকল

612852139f684

আমেৰিকাৰ সন্দেহক সত্য প্ৰমাণিত কৰি পুনৰ বিস্ফোৰণ কাবুলত । বৃহস্পতিবাৰৰ যুটীয়া বোমা আক্ৰমণৰ পাছত শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে আগন্তুক ২৪-৩৬ ঘণ্টাৰ ভিতৰত কাবুল বিমানবন্দৰত বিস্ফোৰণ ঘটাৰ আশংকা প্রকাশ কৰিছিল । তাৰ ঠিক কিছু ঘণ্টাৰ পাছতে পুনৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হ’ল । এই পর্যন্ত এটি শিশুসহ দুজনৰ মৃত্যু আৰু তিনজন আহত হোৱাৰ খবৰ পোৱা গৈছে বিভিন্ন সূত্রে ।

আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যম সূত্রে খবৰ, হামিদ কাৰ্জাই বিমানবন্দৰৰ নিকটৱৰ্তী খাৱাজা বুঘ্ৰা অঞ্চলত ৰকেট আক্ৰমণ চলোৱা হৈছে । এই অঞ্চলতে কিছুসংখ্যক গৃহত আমেৰিকাৰ নাগৰিক আছিল । তেওঁলোকক লক্ষ্য কৰিয়েই এই আক্ৰমণ চলোৱা হয় ।

চাৰিদিন আগতেই সন্ধিয়া কাবুল বিমানবন্দৰৰ বাহিৰত প্রথমে এবি গেটৰ কাষত এটি আত্মঘাতী বোমা বিস্ফোৰণ, তাৰ পাছত পুনৰ এটি বোমা আক্ৰমণ কিছু দূৰত্বত বেৰন হোটেলৰ কাষত । এই ঘটনত শতাধিক লোক নিহত হয় । ঘটনাৰ দিনাই গভীৰ নিশা আক্ৰমণ সংঘটিত কৰিছে বুলি স্বীকাৰ কৰে আফগানিস্তানৰ আইএছৰ ‘খোৰাছান’ শাখা সংগঠনে ।

https://twitter.com/MuslimShirzad/status/1431959535514800129?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1431959535514800129%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Fafghainstan-crisis-another-blast-near-kabul-airport-after-america-gave-hints-another-attack-dgtl%2Fcid%2F1300949

আমেৰিকাৰ সংবাদমাধ্যম সূত্রে খবৰ, আফগানিস্তানত এতিয়াও প্রায় ৩৫০ জন আমেৰিকাৰ নাগৰিক আছে, যিসকলে দেশত উভতিব বিচাৰে । তেওঁলোকক সতর্ক কৰি শনিবাৰে দুপৰীয়া বাইডেনে কৈছিল, ‘‘পৰিস্থিতি এতিয়াও বিপজ্জনক । আগন্তুক ২৪-৩৬ ঘণ্টাৰ ভিতৰত পুনৰ আক্ৰমণ হ’ব পাৰে । সতর্ক থাকক । প্ৰয়োজনত সেনাবাহিনীৰ সাহায় ল‌ওক ।’’ বাইডেনৰ এই ঘোষণাৰ কিছু ঘণ্টাৰ পাছতে কাবুলত আমেৰিকাৰ দূতাবাসেও জনায় বিমানবন্দৰ সংলগ্ন বিস্তৃত অঞ্চলত ৰঙা সতর্কতা জাৰি কৰিব লাগে । হামিদ কাৰ্জাই বিমানবন্দৰ সংলগ্ন অঞ্চলৰ লগতে বিমানবন্দৰৰ দক্ষিণ প্রান্তৰ এয়াৰপ’র্ট চার্কল গেট আৰু উত্ত-পূৱ দিশৰ পানশ্বিৰ পেট্র’ল ষ্টেচন সংলগ্ন অঞ্চলত অবিলম্বে তহলদাৰী বঢ়াব লাগে বুলিও কোৱা হৈছিল বিবৃতিত ।

https://twitter.com/disclosetv/status/1431966031820562434?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1431966031820562434%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Fafghainstan-crisis-another-blast-near-kabul-airport-after-america-gave-hints-another-attack-dgtl%2Fcid%2F1300949

Exit mobile version