জনীয়া সমষ্টি কংগ্ৰেছত খহনীয়া, তাপেশ্বৰা গাঁও পঞ্চায়তৰ দুই শতাধিক কংগ্ৰেছ নেতা কৰ্মীৰ এ আই ইউ ডি এফ দলত যোগদান

Screenshot 75 1

জনীয়া বিধানসভা সমষ্টিৰ তাপেশ্বৰা গাঁও পঞ্চায়তত আৰম্ভ হৈছে প্ৰাক্ পঞ্চায়তী নিৰ্বাচনী কুচকাৱাজ । আজি তাপেশ্বৰা গাঁও পঞ্চায়তৰ দুই শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে এ আই ইউ ডি এফ দলত যোগদান কৰা ঘটনাই তাৰেই ইংগিত দিছে ।

বিধায়ক ড° ৰফিকুল ইছলামৰ উপস্থিতিত পঞ্চায়তখনৰ প্ৰাক্তন সভাপতি আবু জাফৰ আহমেদ, যোৱা পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা আঞ্চলিক সদস্য পদত প্ৰতিদ্বন্দিতা আগবঢ়োৱা আবু আহামেদ আৰু কংগ্ৰেছ দলৰ নিৰ্বাচিত পঞ্চায়ত সদস্য নুৰুল আমিনৰ লগতে দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি এ আই ইউ ডি এফ দলত যোগদান কৰে । কংগ্ৰেছ দলৰ মজিয়াত এলাগী আৰু গুৰুত্বহীন হোৱাৰ বাবেই আজি দলত্যাগ কৰা বুলি জানিবলৈ দিয়ে সদ্য দলত্যাগী নেতা-কৰ্মীসকলে ।

সভাত বিধায়ক ড° ৰফিকুল ইছলামে দল ত্যাগ কৰি আত্মঘাতী সিদ্ধান্ত নল’বলৈ ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰক আহ্বান জনায় । লগতে বিধায়কগৰাকীয়ে প্ৰকাৰন্তৰে কংগ্ৰেছ আৰু বিজেপিক সমালোচনা কৰে ।

Exit mobile version