টকিঅ’ পেৰালিম্পিক্সত প্ৰথম পদক ভাৰতৰ, টেবিল টেনিছত ৰূপৰ পদক জয় কৰিলে ভাবিনাবেন পেটেলে

Untitled design 12 3

ইতিহাস ৰচিলে ভাবিনাবেন পেটেলে । দেওবাৰে টেবিল টেনিছত ৰূপৰ পদক জয় কৰিলে ভাবিনাবেনে । টকিঅ’ পেৰালিম্পিক্সত এইটোৱে ভাৰতৰ প্রথম পদক জয় । চীনৰ ঝৌ ইঙৰ বিৰুদ্ধে ফাইনেলত ষ্ট্ৰেইট গেমত পৰাজিত হয় ভাবিনাবেন । খেলৰ ফলাফল ০-৩ (৭-১১, ৫-১১, ৬-১১) ।

প্রথম গেমত ৭-১১ ব্যৱধানে পৰাজিত হয় ভাবিনাবেন । চীনৰ ঝৌ ইঙৰ বেকহেণ্ডৰ দাপটত দিশহাৰা হৈ যায় ভাবিনাবেন । তেওঁৰ কাষত কোনো উত্তৰ নাছিল । এটাৰ পাছত এটা প‌ইন্টত পিছুৱাই থাকে ।

দ্বিতীয় গেমটো আৰম্ভণিৰ পৰাই দমন কৰি আছিল ঝৌ ইঙে । ৫-১১ ব্যৱধানত সেই গেমত পৰাজিত হয় ভাবিনাবেন ।

ইজনৰ পাছত সিজন চেম্পিয়নক পৰাস্ত কৰি ফাইনালত প্ৰতিদ্বন্দিতা কৰা ভাবিনাবেন চূড়ান্ত পৰ্যায়ত পৰাজিত হয় । ৬-১১ ব্যৱধানত তেওঁ চূড়ান্ত খেলত পৰাস্ত হয় । ভাৰতক টেবিল টেনিছত ৰূপ প্ৰদান কৰিলে । এইবাৰৰ পেৰালিম্পিক্সত প্রথম পদক ভাৰতৰ ।

Exit mobile version