ভুৱা সাংবাদিকক ধৰিবলৈ ৰাজ্যক ‘প্ৰেছ কাউন্সিল’ গঠনৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Madras HC 2

এইবাৰ ভুৱা সাংবাদিকক ধৰিবলৈ গুৰুত্বপূৰ্ণ প্ৰদক্ষেপ ল’লে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে । আদালতে তামিলনাডু চৰকাৰক তিনি মাহৰ ভিতৰত এই সন্দৰ্ভত এখন ‘প্ৰেছ কাউন্সিল” গঠন কৰিবলৈ নিৰ্দেশ দিছে।

নিৰ্দেশনাৱলীত কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, অভিজ্ঞ সাংবাদিক, চৰকাৰী আৰু আৰক্ষী বিষয়াৰ স’তে প্ৰেছ পৰিষদ গঠন কৰা হ’ব।

ন্যায়াধীশ এন কিৰুকৰণ আৰু পি ভেলমুৰুগানৰ ডিভিচন বেঞ্চৰ পৰ্যবেক্ষণ, ক’ভিড নিষেধাজ্ঞাৰ সময়ত বহুতো দামী বাহনৰ সন্মুখত প্ৰেছ ষ্টিকাৰ লগাই ভুৱা সাংবাদিক ধৰা পৰিছে । বহু ক্ষেত্ৰত, ধৃতসকলক গুৰুত্বপূৰ্ণ অপৰাধত জড়িত থকাও দেখা গৈছে ।

ভুৱা সংবাদ মাধ্যমত ভুৱা বাতৰি প্ৰচাৰ কৰি মানুহক বিপথে পৰিচালিত কৰাৰ অভিযোগতো অভিযুক্ত তেওঁলোক । কেৱল সেয়াই নহয়, বহুলোকক ভুৱা প্ৰেছ আইডিৰো প্ৰদান কৰা হয় । আদালতে কয় যে তথ্য আৰু জনসংযোগ বিভাগ এই বিষয়ত অৱগত ।

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে প্ৰেছ কাউন্সিলৰ দায়িত্ব স্পষ্ট কৰিছে । জনোৱা হৈছে যে তামিলনাডুৰ যিকোনো প্ৰেছ ক্লাব, সাংবাদিক সংগঠনক স্বীকৃতি দিয়াৰ বাবে প্ৰেছ কাউন্সিল দায়বদ্ধ ।

সংগঠনসমূহৰ পৰিচালনাৰ সিদ্ধান্তও প্ৰেছ পৰিষদে ল’ব । সাংবাদিকসকলৰ বাবে ৰাজহুৱা পৰিবহনৰ ৰেহাই বা অন্যান্য লাভালাভ এতিয়া প্ৰেছ পৰিষদৰ পৰা প্ৰাপ্ত কৰিব লাগিব, পোনপটীয়াকৈ ৰাজ্য চৰকাৰৰ পৰা নহয় ।

কাউন্সিলত ভুৱা সাংবাদিক ধৰা পৰিলে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হ’ব । প্ৰয়োজন হ’লে সংবাদ মাধ্যমক তলব কৰাৰো অনুমতি দিয়া হৈছে প্ৰেছ কাউন্সিলক।

Exit mobile version