ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত “আজাদী কা অমৃত মহোৎসৱ”ৰ চাইকেল সমদলকাৰী এছ এছ বি জোৱানক উষ্ণ সম্বৰ্ধনা

নৰেন্দ্ৰ মোদী থকালৈকে ভাৰতবৰ্ষ সুৰক্ষিত থাকিব : মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ সীমা সুৰক্ষা জোৱানসকলৰ মনোবল বৃদ্ধি কৰি আহিছেঢ়। মোদীয়ে সীমা সুৰক্ষাৰ জোৱানসকলক উৎসাহ যোগাই আহিছে । নৰেন্দ্ৰ মোদী থকালৈকে দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব, ভূখণ্ড, জনসাধাৰণ সুৰক্ষিত হৈ থাকিব । নৰেন্দ্ৰ মোদী থকালৈকে ভাৰতবৰ্ষ সুৰক্ষিত হৈ থাকিব ।”এইদৰে কয় অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে । আজি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত অনুষ্ঠিত “আজাদী কা অমৃত মহোৎসৱ”ৰ চাইকেল সমদলকাৰী এছ এছএছ বিৰ জোৱানক আদৰণি অনুষ্ঠানৰ সভাত অতিথিৰ ভাষণত এই মন্তব্য কৰে মন্ত্ৰী দাসে ।

উল্লেখ্য যে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস তথা স্বাধীনতাবৰ্ষ উপলক্ষে “আজাদী কা অমৃত মহোৎসৱ”ৰ নামাকৰণেৰে অসমৰ ৰাজভৱনৰ পৰা নতুন দিল্লীৰ ৰাজঘাটলৈ উলিওৱা চাইকেল সমদলকাৰী এছ এছ বি জোৱানসকলৰ লগতে এছ এছ বি বিষয়াসকলক ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত অধ্যক্ষ ড° মুকুন্দ শৰ্মাৰ নেতৃত্বত মহাবিদ্যালয় কৰ্তৃপক্ষই উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে। তদুপৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও “আজাদী কা অমৃত মহোৎসৱ”ৰ চাইকেল সমদলকাৰী এছ এছ বিৰ জোৱান, বিষয়া আৰু ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, অধ্যক্ষ, অধ্যাপকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ।

তদুপৰি আদৰণি অনুষ্ঠানৰ সভাত এছ এছ বিৰ ডিআইজি জগদীশ পাল সিং, কমাণ্ডেণ্ট এন. কে. তান্তায়ে ভাষণ দিয়াৰ লগতে সভাখনৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাই আৰু সভাৰ আত ধৰে মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক ৰাজু কুমাৰ দাসে । সভাত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ধৰণীধৰ তালুকদাৰৰ লগতে কে’বাগৰাকীও এছ এছ বিৰ বিষয়াই অতিথিৰূপে উপস্থিত থাকে ।

Exit mobile version