শৃংখল চলিহাৰ বিৰুদ্ধে সৰৱ সদৌ বিটিআৰ বাঙালি যুৱ ছাত্র ফেডাৰেচন

WhatsApp Image 2021 08 29 at 7.23.12 PM

শৃংখল চলিহাৰ বিৰুদ্ধে সৰৱ সদৌ বিটিআৰ বাঙালি যুৱ ছাত্র ফেডাৰেচনৰ সভাপতি মন্টু দে। আজি এক প্ৰেছ বিবৃতিযোগে সদৌ বিটিআৰ বাঙালি যুৱ ছাত্র ফেডাৰেচনৰ সভাপতি মন্টু দেই কয় যে দীৰ্ঘদিন ধৰি শৃংখল চলিহা নামৰ ব্যক্তিজনে বঙালি জাতিটোক লক্ষ্য কৰি বিভিন্ন সময়ত বিভিন্ন সাম্প্রদায়িক কটু মন্তব্য কৰি আহিছে আৰু বাংলাভাষী অসমীয়া ব্যৱসায়ীসকলক দাবী ধমকি দি আহিছে ।

ADVERTISEMENT

লগতে মন্টু দেই আৰু কয় যে সাংগঠনিক ব্যক্তি এজনে এনেদৰে অসমৰ ভাতৃত্ববোধৰ এনাজৰিডাল বিনষ্ট কৰাটো বৰকৈ দুৰ্ভাগ্যজনক। এনেদৰে ব্যক্তিজনৰ উগ্ৰ জাতীয়তাবাদী কাৰ্যকলাপে অসমৰ সামগ্ৰিক পৰিৱেশ বিনষ্ট কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সদৌ বিটিআৰ বাঙালি যুৱ ছাত্র ফেডাৰেচনৰ সভাপতি মন্টু দেই ।

লগতে অসাংবিধানিকভাৱে বিভিন্ন ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী মানুহৰ মাজত একতা বিনষ্ট কৰাৰ পৰিপ্ৰেক্ষিতত অনতি পলমে প্ৰশাসনিক হস্তক্ষেপ বিচাৰি অভিযুক্তক কৰায়ত্ত কৰিবলৈ অসম চৰকাৰ আৰু প্ৰশাসনক দাবী জনায় মন্টু দেই ।

Exit mobile version