১১ দিনৰ ব্যৱধান, নিৰাপত্তা পৰিষদৰ বিবৃতিৰ পৰা উধাও ‘তালিবান’ শব্দটো !

download 3

ৰাষ্ট্ৰসংঘৰ সন্ত্রাস সংক্রান্ত বিবৃতিত হঠাৎ উধাও হ’ল ‘তালিবান’ শব্দটো ! কাবুল বিস্ফোৰণৰ পাছত জাৰি কৰা বিবৃতিত ‘তালিবান’ শব্দটোৰে সন্ধান পোৱা নাযায় । অথচ ১৫ অগষ্ট কাবুলৰ পতনৰ পাছৰ বিবৃতিত ‘তালিবান’ শব্দটো আছিল । তেন্তে দ্বিতীয়বাৰ আফগানিস্তান দখল কৰা তালিবান সম্পর্কে অভিমুখ সলনি কৰিছে নেকি ৰাষ্ট্ৰসংঘ‌ই ?

১৫ অগষ্টত কাবুলত ঘানি চৰকাৰৰ পতন আৰু ২৬ অগষ্টত কাবুল বিমানবন্দৰত আত্মঘাতী বিস্ফোৰণ । দুয়োটাৰ মাজত ব্যৱধান মাত্র ১১ দিনৰ । এই ১১ দিনতেই ৰাষ্ট্ৰসংঘৰ তালিবানৰ প্রতি অভিমুখ সলনি হৈ গ’ল নেকি ? ১৬ অগষ্টত জাৰি কৰা বিবৃতিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে স্পষ্টভাৱে লিখিছিল, ‘তালিবান অথবা কোনো আফগান গোষ্ঠী বা কোনো ব্যক্তিয়ে অন্য কোনো দেশত চলা জংঘী কার্যকলাপক সমর্থন কৰা উচিত নহয় ।’

২৬ অগষ্টৰ বিবৃতিত সকলো একেই আছিল যদিও, নাছিল ‘তালিবান’ শব্দটো । ইয়াৰ পৰিৱৰ্তে তাত লিখা হৈছে, ‘কোনো আফগান গোষ্ঠী বা ব্যক্তিয়ে যেন অন্য কোনো দেশত চলা জংঘী কার্যকলাপক সমর্থন নকৰে ।’

উল্লেখযোগ্য যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অগষ্টৰ বাবে সভাপতিৰ দায়িত্ব পালন কৰিছে ভাৰতৰ প্রতিনিধি টি এছ তিৰুমূর্তিয়ে ।

১১ দিনৰ ব্যৱধানত ‘তালিবান’ শব্দটো নোহোৱা হৈ যোৱাত তাৎপর্যৰ সন্ধান পাইছে কূটনীতিকসকলৰ একাংশ‌ই । ৰাষ্ট্ৰসংঘত বিগত বৰ্ষৰ এপ্রিল পর্যন্ত ভাৰতৰ স্থায়ী প্রতিনিধি আছিল ছৈয়দ আকবৰুদ্দিন । টুইটাৰত এই বিষয়টো উত্থাপন কৰি তেওঁ কটাক্ষৰ সুৰত লিখে, ‘কূটনীতিত এক পক্ষকাল বিৰাট সময় !’

এতিয়া প্রশ্ন, ১১ দিনৰ ব্যৱধানত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এনে বিপৰীত দৃষ্টিভংগীৰ কি প্রভাৱ পৰিব ভাৰতৰ কূটনৈতিক অৱস্থানত ? বৈদেশিকমন্ত্রী এছ জয়শংকৰে অৱশ্যে প্রকাশ্যত তালিবানক লৈ বিশেষ একো জনোৱা নাই । কেৱল কৈছে, এই বিষয়ত মন্তব্য কৰাৰ সময় এতিয়াও অহা নাই ।

কিন্তু বাস্তৱত ইয়াৰ উলোটা ছবি দেখিবলৈ পোৱা গৈছে । আফগানিস্তানত ভাৰতৰ দূতাবাসৰ সকলো কর্মীক আগতেই উদ্ধাৰ কৰা হৈছে । সূত্ৰ অনুসৰি, ভাৰতৰ দূতাবাস দফতৰত সোমাই তালাচী চলাইছে তালিবানে । অফিচ চত্বৰত পার্ক কৰা গাড়িও লৈ গৈছে তেওঁলোকে । ফলত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্রেছ বিবৃতিৰ পৰা এটা নিশাতে ‘তালিবান’ শব্দটো নোহোৱা হৈ গ’লেও আফগানিস্তানক লৈ ভাৰতৰ দৃষ্টিভংগী কি হ’ব, তাক লৈ চিন্তিত বৈদেশিক মন্ত্রণালয়ৰ কর্তাসকল ।

Exit mobile version