আহত কৃষকৰ মৃত্যু, হৰিয়ানাত বিক্ষোভ বৃদ্ধি

P1 lathicharge 3col

কৰ’না কালত প্রতিবাদী কৃষকসকলৰ ওপৰত লাঠিচার্জৰ ঘটনাত ৰাজনৈতিক উত্তাপ ক্রমশ বৃদ্ধি পাইছে । পৰিস্থিতি যি কোনো সময়ত অগ্নিগর্ভ হৈ উঠিব পাৰে, তাৰ ইংগিত দিয়া আৰম্ভ কৰিছে কৃষক নেতাসকলে ।  কালি আৰক্ষীৰ লাঠিচার্জত আহত এজন কৃষকৰ মৃত্যু হয় । পৰিস্থিতিৰ পর্যালোচনা কৰিবলৈ আজি মন্ত্রী তথা উচ্চ পদস্থ বিষয়াসকলক লৈ বৈঠকত মিলিত হৈছিল হৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰলাল খট্টৰ । কৃষক সংগঠনসমূহৰ যুটীয়া মঞ্চ সংযুক্ত কিষান মোর্চা (এছকেএম)এ আজি জনায়, দিল্লী সীমান্তত কেন্দ্রীয় কৃষি বিলৰ প্রতিবাদত বিক্ষোভৰ ১০ মাহ পূর্তি উপলক্ষে অহা ২৫ ছেপ্টেম্বৰত সমগ্ৰ ভাৰতত সাধাৰণ ধর্মঘটৰ আহ্বান জনোৱা হৈছে ।

বিজেপি শাসিত হৰিয়ানাৰ কাৰনালত বস্ত্ৰা টোল প্লাজাৰ কাষত ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধকাৰী কৃষকসকলৰ ওপৰত কালি লাঠিচার্জ কৰে আৰক্ষীয়ে । কৃষক নেতাসকলৰ অভিযোগ, লাঠিচার্জত বহু কৃষক আহত হৈছে । তেওঁলোকৰ মাজৰে আজি এজনৰ মৃত্যু হৈছে । নিহত কৃষকৰ নাম সুশীল কাজল । তেওঁ ৰামপুৰৰ জাতন গাঁৱৰ বাসিন্দা ।

শিৰোমণি অকালি দলৰ নেতা মনজেন্দ্র সিং ছিৰছাই টুইটাৰচ লিখে, ‘এছডিএমৰ নির্দেশত আৰক্ষী সুশীল কাজলক মাৰিছে । বাৰে বাৰে তেওঁৰ মূৰত আঘাত কৰিছে আৰক্ষীয়ে ।’

কাৰনালৰ এছডিএম আয়ুষ সিঙৰ বিৰুদ্ধে অভিযোগ, তেঁৱেই আৰক্ষীক লাঠিচার্জৰ নির্দেশ দিছিল । ভাইৰেল ভিডিঅ’ত তেওঁক কৈ থকা শুনা যায়, ‘‘কোনো‌ এজনো যাতে মোৰ কাষত আহিব নোৱাৰে । যদি আহে, তেওঁৰ মূৰ ফালি দিয়ক ।’’ উক্ত বিষয়াজনৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰস্তুতি কৰিছে আন্দোলনৰত কৃষকসকলৰ আইনী কোষে । আয়ুষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে  ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কমিচন আৰু পঞ্জাৱ আৰু হৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰকক পত্ৰ প্ৰেৰণ কৰিছে তেওঁলোকে । কৃষক মৃত্যুৰ ঘটনাত সদৌ ভাৰত কিষান সভাই দাবী কৰিছে, লাঠিচার্জ আৰু কৃষক মৃত্যুৰ বিচাৰ বিভাগীয় তদন্ত হ‌ওক । সেই আইএএছ বিষয়াজনে কাৰ নির্দেশত এনে কাম কৰিলে সেয়া প্রকাশ্যত অহা উচিত।

কৃষক মৃত্যুৰ ঘটনাত বিক্ষোভ অধিক তীব্র কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষক নেতাসকলে । এছকেএম নেতা দর্শন পাল সিঙে আজি জনায়, অতি শীঘ্রই দিল্লী ঘেৰাওৰ আহ্বান কৰা হ’ব । বিজেপিক লক্ষ্য কৰি ভাৰতীয় কিষান ইউনিয়নৰ নেতা ৰাকেশ টিকায়েতে কয়, ‘‘আপোনালোকে আমাক খলিস্তানি কয়, আপোনালোকটো  তালিবান । আমি কালি এক চৰকাৰী তালিবানক চিহ্নিত কৰিছো । তেওঁ হৰিয়ানা চৰকাৰৰ এজন বিষয়া (আয়ুষ সিং) ।’’

প্রধানমন্ত্রী নৰেন্দ্র মোদীক লক্ষ্য কৰি কৃষক নেতা যোগিন্দৰ সিং উগ্ৰহনৰ কটাক্ষ, ‘‘তেওঁ কয় মধ্যস্থভোগী দূৰ কৰিব । তেঁৱেইটো আটাইতকৈ ডাঙৰ মধ্যস্থভোগী ।’’

আগান্তুক সময়ত যে কৃষক বিক্ষোভৰ উত্তাপ বৃদ্ধি পাব, সেয়া ভালকৈ বুজিছে ৰাজ্য চৰকাৰে । আজি মন্ত্রী আৰু বিষয়াসকলৰ স’তে বৈঠকত মিলিত হয় হৰিয়ানাৰ মুখ্যমন্ত্রী খট্টৰ । সূত্র অনুসৰি, কেনেদৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হ’ব তাক লৈ বৈঠকত আলোচনা হয় ।

Exit mobile version