পেৰালিম্পিকত জেভলিনত ৰূপ আৰু ব্রঞ্জ ভাৰতৰ, পদক জয় কৰিলে দেবেন্দ্র আৰু সুন্দৰে

163407 jnyvublolk 1630298506

জেভলিনত যুটীয়া পদক জয় ভাৰতৰ । টকিঅ’ পেৰালিম্পিকত ৰূপ জয় কৰিলে দেবেন্দ্র ঝাঝাৰিয়াই । সেই ইভেন্টত ব্রঞ্জো লাভ কৰিছে ভাৰতে । সুন্দৰ সিং গুৰজাৰে ব্রঞ্জ জয় কৰিছে ।

সোমবাৰে তেওঁ ৬৪.৩৫ মিটাৰ দূৰত্বত জেভলিন থ্ৰ’ কৰে । যোৱাবাৰৰ পেৰালিম্পিকত সোণ জয় কৰিছিল দেবেন্দ্র‌ই । এইবাৰ ৰূপৰ পদক লৈয়েই তেওঁ সন্তুষ্ট হ’বলগীয়া হয় । পেৰালিম্পিকত তৃতীয় পদক জয় দেবেন্দ্ৰৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে টুইট কৰি লিখে, “ভাল পাৰফৰমেন্স দেবেন্দ্রৰ । আমাৰ অন্যতম অভিজ্ঞ পেৰালিম্পিয়ানে ৰূপৰ পদক জয় কৰিছে । দেবেন্দ্র‌ই প্ৰতিবাৰে ভাৰতক গর্বিত কৰি আহিছে । তেওঁলৈ শুভেচ্ছা । আগন্তুক সময়ৰ বাবেও শুভেচ্ছা ।”

ব্রঞ্জজয়ী সুন্দৰে জেভলিন থ্ৰ’ কৰে ৬৪.০১ মিটাৰ দূৰত্বত । ২০১৫ ত এক দুর্ঘটনাত বাওঁহাতখন হেৰুৱায় সুন্দৰে । ২০১৭ আৰু ২০১৯ ত বিশ্ব পেৰা এথলেটিক চেম্পিয়নশ্বিপত তেওঁ সোণ জয় কৰিছিল ।

তেওঁক উদ্দেশ্যি টুইট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখে, ‘সুন্দৰৰ ব্রঞ্জ জয়ত ভাৰত আপ্লুত । বাৰুকৈয়ে সাহস দেখুৱালে সুন্দৰে । সুন্দৰক শুভেচ্ছা জনাইছো ।’

এই ইভেন্টত সোণ জয় কৰিছে শ্রীলংকাৰ দীনেশ প্রিয়ান হেৰাথে । তেওঁ ৬৭.৭৯ মিটাৰ দূৰত্বত জেভলিন থ্ৰ’ কৰে । দীনেশে বিশ্ব অভিলেখ গঢ়িলে ।

Exit mobile version